অসম

assam

ETV Bharat / state

শদিয়াত 9 টাকৈ অসুস্থ শগুণ উদ্ধাৰ - শদিয়া

মঙলবাৰে শদিয়াৰ ঘূৰমৰা কবি বাগান খেতিপথাৰত উদ্ধাৰ মৃত শগুণসহ 9 টাকৈ অসুস্থ শগুণ ৷ কোনো দুষ্কৃতিকাৰীয়ে কুকুৰ অথবা শিয়ালক হত্যা কৰাৰ উদ্দেশ্যে মৃত গৰুত কীটনাশক দ্ৰব্য মিহলাই দিয়ে, যাৰ ফলস্বৰূপে শগুণকেইটাই এই কীটনাশক দ্ৰব্য ভক্ষণ কৰি অসুস্থ হৈ পৰে ৷

sadiya vulture rescued
শদিয়াত অসুস্থ শগুণ উদ্ধাৰ

By

Published : Feb 9, 2021, 5:03 PM IST

Updated : Feb 9, 2021, 5:30 PM IST

শদিয়া,9 ফেব্ৰুৱাৰী: তিনিচুকীয়াৰ শদিয়াত মঙলবাৰে পুনৰ উদ্ধাৰ হৈছে মৃত শগুণৰ লগতে 9 টাকৈ অসুস্থ শগুণ ৷ জানিব পৰা মতে, জিলাখনৰ শদিয়া মহকুমাৰ অন্তৰ্গত শদিয়া কুণ্ডিল গাঁও পঞ্চায়তৰ অধীনৰ ঘূৰমৰা কবি বাগান খেতিপথাৰত উদ্ধাৰ হৈছে মৃত শগুণৰ লগতে অসুস্থ শগুণকেইটা ৷

শদিয়াত শগুণ উদ্ধাৰ

জিলাখনৰ ডুমডুমা বন সংমণ্ডলৰ বনকৰ্মীৰ লগতে শদিয়া আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী, ভ্ৰাম্যমাণ পশু চিকিৎসাৰ চিকিৎসক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃত আৰু অসুস্থ শগুণকেইটা ৷ বনকৰ্মীয়ে সন্দেহ কৰা অনুসৰি, কোনো দুষ্কৃতিকাৰীয়ে কুকুৰ অথবা শিয়ালক হত্যা কৰাৰ উদ্দেশ্যে মৃত গৰুত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছিল ৷ শগুণকেইটাই এই কীটনাশক দ্ৰব্য ভক্ষণ কৰি অসুস্থ হৈ পৰাৰ লগতে কেইবাটাও শগুণ মৃত্যুমুখত পৰে ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ 18 আৰু 19 জানুৱাৰীত জিলাখনৰ তালাপ ধূলিজান-বৰগড়া খেতি পথাৰত মৃত গৰু ভক্ষণ কৰি অৰ্ধশতাধিক শগুণৰ মৃত্যু হোৱাৰ লগতে অসুস্থ হৈ পৰিছিল কেইবাটাও শগুণ । তিনিচুকীয়া বন বিভাগ আৰু গুইজানস্থিত পশু চিকিৎসা বিভাগৰ জৰিয়তে 30 টা মৃত আৰু 17 টা অসুস্থ শগুন উদ্ধাৰ কৰা হৈছিল । পশু চিকিৎসা বিভাগে অসুস্থ শগুণ কেইটা চিকিৎসাৰ বাবে লৈ যোৱাৰ পাচত দহটা শগুণ সুস্থ কৰি তোলে ৷

শদিয়াত অসুস্থ শগুণ উদ্ধাৰ

ইয়াৰ পাচতেই বৃহৎ সংখ্যক বিলুপ্তিপ্ৰায় শগুণ মৃত্যু আৰু অসুস্থ হোৱা ঘটনাৰ পুনৰাবৃত্তিয়ে এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে ৷ গতিকে প্ৰকৃতি প্ৰেমী, দল-সংগঠন, স্বেচ্ছাসেৱী সংগঠনৰ লগতে ৰাজ্যৰ বন বিভাগে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি ৰাইজক সজাগ কৰাতো নিতান্তই প্ৰয়োজন ৷

লগতে পঢ়ক :মৰাণত বিশুদ্ধ খোৱা পানী ব্য়ৱস্থাৰ কাম আৰম্ভ

Last Updated : Feb 9, 2021, 5:30 PM IST

ABOUT THE AUTHOR

...view details