শদিয়া,5 এপ্ৰিলঃদেশজুৰি চলি থকা লক ডাউনৰ মাজতে এচাম অসাধু ব্যৱসায়ী নামি পৰিছে চুলাই মদ, কানি, ড্ৰাগছকে ধৰি মাদক দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায়ত ৷ দেওবাৰে পুৱা কাকপথাৰ আৰক্ষীয়ে নষ্ট কৰিলে প্ৰায় দুহেজাৰ লিটাৰ চুলাই মদ ৷ ডাঙৰী বনাঞ্চলৰ চেলেংগুৰী গাঁৱৰ সমীপত আৰক্ষীয়ে চুলাই মদৰ ভাটিত চুলাই বনাই থকাৰ সম্ভেদ পাই অভিযান চলায় ৷ কাকপথাৰ আৰক্ষী চকীৰ উপ পৰিদৰ্শক বিকাশজ্যোতি ডেকাৰ নেতৃত্বত চলা অভিযানত ভাটিটোত বনাই থকা সকলো চুলাই পেলাই দি চুলাইৰ ড্ৰাম সমূহ ভাঙে যদিও ঘটনাস্থলীৰ পৰা কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল আৰক্ষী ৷
লক ডাউনৰ মাজতে কাকপথাৰত উচ্ছেদ চুলাই ভাটি - illicit liquor
লক ডাউনৰ মাজতে একাংশই চলাইছে চুলাই মদ, কানি, ড্ৰাগছকে ধৰি মাদক দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় ৷ শেহতীয়াকৈ দেওবাৰে পুৱা কাকপথাৰ আৰক্ষীয়ে অভিযান চলাই নষ্ট কৰে প্ৰায় দুহেজাৰ লিটাৰ চুলাই মদ ৷
লক ডাউনৰ মাজতে কাকপথাৰত উচ্ছেদ প্ৰায় 2 হাজাৰ লিটাৰ চুলাই ভাটি
কোনে বনাঞ্চলখনৰ মাজত এনেদৰে চুলাই ভাটি নিৰ্মাণ কৰি চুলাই বনাই আছিল সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইফালে কাকপথাৰ আৰক্ষীৰ এনে কৰ্মক শলাগিছে কাকপথাৰবাসীয়ে ৷ উল্লেখ্য যে ,যোৱা ২এপ্ৰিলত কাকপথাৰ আৰক্ষীয়ে লাজুম গাঁৱৰ পথাৰৰ মাজৰ পৰা প্ৰায় ১কি:গ্ৰা: ব্ৰাউন ছুগাৰ জব্দ কৰাৰ লগতে দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
লগতে পঢ়কঃকৰ'ণা ভাইৰাছঃ গীতেৰে সজাগতা সৃষ্টিৰ বিনম্ৰ প্ৰয়াস ইটিভি ভাৰতৰ
Last Updated : Apr 5, 2020, 8:22 PM IST