অসম

assam

আপাৰ দিহিং বনাঞ্চলত অব্যাহত বন ধ্বংস যজ্ঞ

By

Published : Apr 7, 2021, 7:40 PM IST

ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত ৰজাআলি বন খণ্ড বিষয়া কাৰ্যলয়ৰ পৰা প্ৰায় ১০০ মিটাৰ নিলগত অৱস্থিত, আপাৰ দিহিং বনাঞ্চলৰ নলনি, তৰানী সংৰক্ষিত বনাঞ্চলত এচাম দুৰ্বৃত্ত তথা চোৰাংচিকাৰীয়ে অবাধ হাৰত চলাইছে বন ধ্বংস যজ্ঞ ৷

আপাৰ দিহিং বনাঞ্চলত অব্যাহত বন ধ্বংস যজ্ঞ
আপাৰ দিহিং বনাঞ্চলত অব্যাহত বন ধ্বংস যজ্ঞ

তিনিচুকীয়া, 7 এপ্ৰিল:ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত চৰাইপুং, লক্ষীপথাৰ, খাটাংপানী আদিকে ধৰি সংৰক্ষিত বনাঞ্চল ৰূপে খ্যাত বনাঞ্চল সমূহত এচাম দুৰ্বৃত্তই অবাধ হাৰত বহু মূল্যৱান গছ-গছনি কাটি অবৈধ কাঠৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰখাৰ অভিযোগ উঠিছে ৷ উল্লেখ্যযোগ্য যে, ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত ৰজাআলি বন খণ্ড বিষয়া কাৰ্যালয়ৰ পৰা প্ৰায় ১০০ মিটাৰ নিলগত অৱস্থিত, আপাৰ দিহিং বনাঞ্চলৰ নলনি, তৰাণী সংৰক্ষিত বনাঞ্চলত এচাম দুৰ্বৃত্ত তথা চোৰাংচিকাৰীয়ে অবাধ হাৰত চলাইছে বন ধ্বংস যজ্ঞ ৷

বনাঞ্চল খনৰ বহু মূল্যৱান গছ যেনে তিতাচেপা, বুলা, গন্ধসৰই, লালী, চাম, শলখ, খকন, শিলিখাকে আদি কৰি বজাৰত বহু দামত বিক্ৰী হোৱা আন আন গছ সমূহ কাটি এক বৃহৎ চোৰাং ব্যৱসায় বহু দিনৰ পৰা চলাই গৈছে দুৰ্বৃত্তই ৷ ইতিমধ্যে মূল্যৱান গছ সমূহ নিঃশেষ হোৱাত দুৰ্বৃত্তৰ দলটোৱে কেৱল প্লাইউদৰ বাবে উপযোগী হোলোঙ গছকো এফালৰ পৰা কাটি তলিহং কৰা পৰিলক্ষিত হৈছে ৷

আপাৰ দিহিং বনাঞ্চলত অব্যাহত বন ধ্বংস যজ্ঞ

বিভিন্ন সময়ত স্থানীয় প্ৰকৃতিপ্ৰেমী সংগঠনকে আদি কৰি ৰাইজে এই বন ধ্বংসৰ কথা বন বিভাগক অৱগত কৰি আহিছে । যদিও প্ৰতিৰোধ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে ৷ উচ্চ পদস্থ বিষয়াৰ লগত থকা গোপন বুজাবুজিৰ ফলশ্ৰুতিতে অবাধ হাৰত বন ধ্বংস যজ্ঞ চলাই যাবলৈ সক্ষম হৈছে বুলি প্ৰকৃতিকৰ্মী সকলে অভিযোগ কৰিছে ৷

প্ৰকৃতিকৰ্মীৰ ভাষ্যতউক্ত বন ধ্বংস যজ্ঞৰ আৰঁত এক বৃহৎ উদ্দেশ্য জড়িত হৈ থকাৰ কথা প্ৰকাশ পাইছে ৷ অবাধ হাৰত বন ধ্বংস যজ্ঞ চলাই উক্ত ভূমি সমূহ বেদখল কৰি পৰৱৰ্তী সময়ত বন বিভাগৰ অধীনৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিতে চাহ গছ ৰোপণ কৰাৰ কথা পোহৰলৈ আহিছে ৷

লগতে আন এচাম দুৰ্বৃত্তই বনৰীয়া জীৱ-জন্তু, পহু-ম’হ আনকি হাতী পৰ্যন্ত নিধন কৰি ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰখাৰ কথা অৱগত কৰি বিয়াগোম বন বিভাগৰ ওপৰত ক্ষোভ উজাৰি তৎকালীনভাৱে বন ধ্বংস যজ্ঞ অব্যাহত ৰখা উক্ত সংৰক্ষিত বনাঞ্চল সমূহ পৰিদৰ্শন কৰিবলৈ দাবী জনাইছে ৷ বিয়াগোম বন বিভাগ তথা চৰকাৰ আৰু প্ৰশাসনে যদি অনতিপলমে উল্লেখ কৰা সংৰক্ষিত বনাঞ্চল কেইখনত বন ধ্বংস ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে বন বিভাগৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় দল সংগঠন সমূহে ৷

লগতে পঢ়কঃ থলুৱাৰ সুৰক্ষাৰ কাম চৰকাৰৰ দ্বাৰা হ’ব নালাগে: অজিত কুমাৰ ভূঞা

ABOUT THE AUTHOR

...view details