শদিয়া,20 মেঃ ধলা শদিয়া সেঁতুৰ তলত মঙলবাৰে নিশা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চোৰাং কাঠ । তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ তৎপৰতাত আৰক্ষী, বন বিভাগে নিশা জব্দ কৰে কাঠখিনি । ধলাৰ জনৈক মেধি নামৰ এজন কাঠ বেপাৰীয়ে নিবলৈ চেষ্টা কৰিছিল কাঠখিনি । জব্দ কৰা কাঠখিনিৰ মূল্য এক লাখ টকাৰো অধিক ।
ধলা শদিয়া সেঁতুৰ তলত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ - illegal wood seized under Dhola-Sadiya bridge
ধলা শদিয়া সেঁতুৰ তলত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ । জনৈক মেধি নামৰ এজন কাঠ বেপাৰীয়ে নিবলৈ চেষ্টা কৰিছিল কাঠখিনি ।
![ধলা শদিয়া সেঁতুৰ তলত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ Sadiya illegal wood seized](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7269972-thumbnail-3x2-s.jpg)
ধলা শদিয়া সেঁতুৰ তলত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ
ধলা শদিয়া সেঁতুৰ তলত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ
এখন নাঁৱেৰে কাঠসমূহ গাড়ীত উঠোৱাৰ সময়তেই আৰক্ষী আৰু বন বিভাগে জব্দ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে আৰক্ষীয়ে জনৈক মেধিসহ বাহনখনৰ চালক আৰু কেইবাজনো লোকক আটক কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক- শিলচৰত দুজন যুৱকৰ দেহত কভিড-19ৰ অৱস্থিতি