অসম

assam

ETV Bharat / state

বৰডুমচাৰ মাধৱপুৰত দুৰ্ঘটনাগ্ৰস্ত চোৰাং কাঠভৰ্তি ট্ৰাক - কাঠভৰ্তি ট্ৰাক

দেওবাৰে অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল বৰডুমচাৰ মাধৱপুৰত সংঘটিত হয় এক দুৰ্ঘটনা ৷ জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিয়ে উল্লেখ কৰা অনুসৰি, অৰুণাচলৰ পৰা চোৰাং কাঠ কঢ়িয়াই অনা ট্ৰাক এখন দুৰ্ঘটনাত পতিত হয় অঞ্চলটোত ৷

চোৰাং কাঠভৰ্তি ট্ৰাক
চোৰাং কাঠভৰ্তি ট্ৰাক

By

Published : Aug 16, 2020, 12:58 PM IST

ডুমডুমা, 16 আগষ্ট: ভিন্ন সময়ত অৰুণাচলৰ পৰা অসমলৈ দীৰ্ঘদিন ধৰি চোৰাং কাঠ সৰবৰাহ হৈ থকাৰ অভিযোগ উত্থাপন কৰি আহিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিয়ে ৷ তাৰ মাজতেই দেওবাৰে অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল বৰডুমচাৰ মাধৱপুৰত সংঘটিত হয় এক দুৰ্ঘটনা ৷ সংগঠনটোৰ লোকে উল্লেখ কৰা অনুসৰি, অৰুণাচলৰ পৰা চোৰাং কাঠ কঢ়িয়াই অনা ট্ৰাক এখন দুৰ্ঘটনাত পতিত হয় অঞ্চলটোত ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিৰ অভিযোগ, কৰ'ণা মহামাৰীৰ সুযোগ লৈ একাংশ চোৰাং কাঠ সৰবৰাহকাৰীয়ে ভিতৰুৱা পথেদি প্ৰায় প্ৰতি নিশাই সৰবৰাহ কৰি আহিছে কাঠ ৷ এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ লোকেও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷

বৰডুমচাৰ মাধৱপুৰত দুৰ্ঘটনাগ্ৰস্ত চোৰাং কাঠভৰ্তি ট্ৰাক

দেওবাৰে দুৰ্ঘটনাত পতিত হোৱাৰ পাচতে AS-01 LC-8797 নম্বৰৰ কাঠভৰ্তি ট্ৰাক খনৰ চালকে পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷ সংগঠনটোৰ সদস্যই চোৰাং কাঠৰ সৰবৰাহ অতি শীঘ্ৰেই চৰকাৰে বন্ধ কৰিব লাগে বুলি দাবী জনায় সংবাদ মাধ্যমযোগে ৷ সম্প্ৰতি বিজেপি চৰকাৰে প্ৰদান কৰা দুৰ্নীতিমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি অসমৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে বুলিও তেওঁলোকে সমালোচনা কৰে ৷ ৰাইজে বহু গুৰুত্ব সহকাৰে লক ডাউন মানি চলাৰ পাচতো, তেনে সময়তে চোৰাং কাঠ সৰবৰাহৰ দৰে দুৰ্নীতিমূলক কাম চলি আছে বুলি উল্লেখ কৰি চৰকাৰক ধিক্কাৰ প্ৰদান কৰে সংগঠনটোৰ সদস্যই ৷ বিজেপি চৰকাৰৰ দিনত চলি থকা এনে বন ধ্বংস যজ্ঞ অতি শীঘ্ৰেই বন্ধ কৰিবলৈ চৰকাৰক সকিয়নী প্ৰদান কৰে তেওঁলোকে ৷ উল্লেখ্য যে, এই পৰ্যন্ত জানিব পৰা যোৱা নাই দুৰ্ঘটনাত পতিত বাহনখনত থকা কাঠ সৰবৰাহ কৰা লোকৰ বিষয়ে ৷

দুৰ্ঘটনাগ্ৰস্ত কাঠভৰ্তি ট্ৰাকখন

লগতে পঢ়ক:ৰাঙত চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে অভিযান বন বিভাগৰ: বন কৰ্মীক নিলম্বন

ABOUT THE AUTHOR

...view details