অসম

assam

ETV Bharat / state

তিনিচুকীয়াত খাৰুৱা তেলৰ চোৰাং বেহা - তেলৰ চোৰাং বেহা

তেল চোৰ কৰিবলৈ আহি আৰক্ষীৰ হাতত ধৰা পৰিল চোৰাং তেল কঢ়িয়াই নিয়া টেংকাৰৰ চালক । কেমেৰাত বন্দী সমগ্ৰ দৃ্শ্য । আৰক্ষীৰ লোকে জানিবলৈ দিয়া অনুসৰি,দীৰ্ঘদিনে একাংশ দুস্কৃতিকাৰীয়ে লক ডাউনৰ সুযোগ লৈ অব্যাহত ৰাখিছে তেলৰ চোৰাং বেহা ।

খাৰুৱা তেলৰ চোৰাং বেহা
খাৰুৱা তেলৰ চোৰাং বেহা

By

Published : Jul 15, 2020, 6:10 PM IST

তিনিচুকীয়া, 15 জুলাই: সান্ধ্য আইনৰ মাজতে তিনিচুকীয়াত আটক এজন অভিযুক্ত । তেল চোৰ কৰিবলৈ আহি আৰক্ষীৰ হাতত ধৰা পৰে চোৰাং তেল কঢ়িয়াই নিয়া টেংকাৰৰ চালক । মঙলবাৰে নিশা অইলৰ সুৰক্ষা কৰ্মীৰ সহযোগত আৰক্ষীয়ে তিনিচুকীয়াৰ পানীতোলাত,চোৰাং ক্ৰুইড অইল ভৰ্তি টেংকাৰসহ আটক কৰে চালকক । কেমেৰাত বন্দী হ'ল সমগ্ৰ দৃশ্য ।

লক ডাউনৰ সুযোগ লৈ তিনিচুকীয়াত খাৰুৱা তেলৰ চোৰাং বেহা

অইল ইণ্ডিয়াৰ নিৰাপত্তা বিষয়া তিলেশ্বৰ শইকীয়াৰ নেতৃত্বত অহা এটা অভিযানকাৰী দলে,কোনো গোপন সূত্ৰৰ ভিত্তিত নিশা অভিযান চলাই জব্দ কৰে তেলভৰ্তি টেংকাৰখন । আৰক্ষীৰ লোকে জানিবলৈ দিয়া অনুসৰি, দীৰ্ঘদিন ধৰি একাংশ দুস্কৃতিকাৰীয়ে লক ডাউনৰ সুযোগ গ্ৰহণ চলাই নিছে তেলৰ চোৰাং বেহা । আৰক্ষীৰ পৰা পলায়ন কৰি কেনেদৰে টেংকাৰ খনৰ চালকে বেৰিকেড ভাঙি সকলো মহতিয়াই নিয়ে,সেই সকলো দৃশ্য বন্দী হ'ল কেমেৰাত । আৰক্ষীক আক্ৰমণ কৰিবলৈ কৰা চেষ্টাও বন্দী হ'ল কেমেৰাত । আৰক্ষীয়ে প্ৰদান কৰা তথ্য অনুসৰি টেংকাৰ খনৰ আগে আগে গৈ আছিল জিতেন গগৈ নামৰ এজন অভিযুক্ত চোৰাং তেল ব্যৱসায়ীৰ ৰঙা ৰঙৰ ব'লেনো গাড়ী । আৰক্ষীয়ে সেই গাড়ীখন ধৰিবলৈ চেষ্টা কৰিছিল যদিও তেলভৰ্তি গাড়ীখনে আৰক্ষীৰ গাড়ীখন মহতিয়াই নিয়াৰ বাবে আটক কৰিবলৈ সক্ষম নহ’ল । ইতিমধ্যেAS-01CC-5023 নম্বৰৰ গাড়ীখন জব্দ কৰাৰ লগতে, চালকক আটক কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে । পানীতোলা আৰক্ষী চকীৰ অধীনত তদন্ত অব্যাহত ৰাখিছে চোৰাং তেল ব্যৱসায়ীৰ বিৰুদ্ধে ।

লগতে পঢ়ক:বৰপথাৰৰ টেঙানীত লোমহৰ্ষক হত্যাকাণ্ডঃএজন নিহত

ABOUT THE AUTHOR

...view details