অসম

assam

ETV Bharat / state

মাকুম বেতনি গাঁৱত তিনি ড্ৰাগছ সৰবৰাহকাৰী আটক - শান্তিপুৰ মহিলা সমিতি

শুকুৰবাৰে তিনিচুকীয়াৰ মাকুম বেতনি গাঁৱৰ যুৱক সংঘ, বৰতৰণি আৰু শান্তিপুৰ মহিলা সমিতিৰ উদ্যোগত স্থানীয় ৰাইজে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ ৰাইজে ৰাজু কুৰ্মী, সন্দেশ্বৰ মৰাণ আৰু বিকাশ দত্ত নামৰ যুৱক কেইজনক আটক কৰি ডিগবৈ আৰক্ষীক গতাই দিয়ে ৷

Illegal drugs peddler arrested in betoni
মাকুম বেতনি গাঁৱত আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী

By

Published : May 28, 2021, 9:40 PM IST

তিনিচুকীয়া, 28 মে':কৰ'ণা মহামাৰীৰ সময়ত ৰাজ্যৰ প্রান্তে প্রান্তে আৰক্ষী প্ৰশাসনে ড্ৰাগছ, কানি আৰু ভাঙৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ সময়তে শুকুৰবাৰে তিনিচুকীয়াৰ মাকুম বেতনি যুৱক সংঘ, বৰতৰণি আৰু শান্তিপুৰ মহিলা সমিতিৰ উদ্যোগত স্থানীয় ৰাইজে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ মহামাৰীয়ে ৰাজ্যবাসীক কোঙা কৰি পেলোৱাৰ সময়তে তিনিচুকীয়া জিলাত একাংশ দুষ্ট চক্ৰই জিলাখনৰ বিভিন্ন ঠাইত চলাই থকা ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে মহিলাসকল ওলাই অহা পৰিলক্ষিত হয় ৷

মাকুম বেতনি গাঁৱত আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী

উল্লেখ্যে যে, বৃহস্পতিবাৰে স্থানীয় ৰাইজে দুজন যুৱকক ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হৈছিল যদিও যুৱককেইজন পলায়ন কৰে । শুকুৰবাৰে পুনৰ অঞ্চলটোৰ মহিলাসকলে মাকুম বেতনি গাঁৱৰ ৰাইজক একগোট কৰি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই হাতে-লোটে তিনিজন যুৱকক আটক কৰি ডিগবৈ আৰক্ষীক গতাই দিয়ে ৷ আটকাধীন যুৱক কেইজন ক্ৰমে- ৰাজু কুৰ্মী, সন্দেশ্বৰ মৰাণ আৰু বিকাশ দত্ত বুলি জানিব পৰা গৈছে ৷ ইয়াৰ লগতে অনাগত দিনত অঞ্চলটোৰ মহিলা সকলে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

লগতে পঢ়ক:শিৱসাগৰত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details