তিনিচুকীয়া,26 আগষ্ট: কেন্দ্ৰীয় খাদ্য সংসাধন বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে মঙলবাৰে তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত বিশখন বিচনাযুক্ত আইচিইউ কক্ষ মুকলি কৰে ৷ চিকিৎসালয়খনত মুকলি কৰা আইচিইউ কক্ষটো বৰ্তমানে কোভিড 19 ৰোগীৰ বাবে ব্যৱহাৰ কৰাৰ লগতে পৰৱৰ্তী সময়ত অন্যান্য ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা কৰিব চিকিৎসালয় কৰ্তৃপক্ষই ।
তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত আইচিইউ কক্ষ মুকলি - ৰামেশ্বৰ তেলী
তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত মুকলি কৰা হৈছে বিশখন বিচনাযুক্ত আইচিইউ কক্ষ ৷ এই কক্ষ মুকলি কৰে কেন্দ্ৰীয় খাদ্য সংসাধন বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে ৷
আইচিইউ কক্ষ মুকলি
উল্লেখ্য যে, চিকিৎসালয়খনত আইচিইউ কক্ষ মুকলি কৰি ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা দহগৰাকী চিকিৎসকক নিযুক্তি দিয়াৰ উপৰিও চাৰিগৰাকী নাৰ্চক উন্নত প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে মন্ত্ৰী তেলীয়ে ৷ চিকিৎসালয়খনত এই আই চি ইউ স্থাপনে সকলো প্ৰকাৰৰ ৰাইজক উপকৃত কৰিব ৷