অসম

assam

By

Published : Oct 6, 2020, 4:26 PM IST

ETV Bharat / state

পথ নিৰ্মাণৰ অনিয়মক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

তিনিচুকীয়াৰ ফিল’বাৰীত পথ নিৰ্মাণত বিসংগতি ৷ এই পথ নিৰ্মাণৰ কামত নিয়োজিত আছিল বিধায়কৰ ঘনিষ্ঠ হিচাপে পৰিচিত ঠিকাদাৰ সুনীল শ্বাহ ৷

Hungama due to poor conditions of road tinsukia assam etv bharat news
ফিল’বাৰীত উত্তপ্ত পৰিস্থিতি

তিনিচুকীয়া,6 অক্টোবৰ:তিনিচুকীয়াৰ ফিল’বাৰীত পথ নিৰ্মাণত সংঘটিত হোৱা অনিয়মক কেন্দ্ৰ কৰি সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিল’বাৰী বিজুলীবনত পথ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । উক্ত পথছোৱা নিৰ্মাণৰ দায়িত্বত ন্যস্ত থকা ঠিকাদাৰ সুনীল শ্বাহৰ সৈতে আলোচনাত মিলিত হয় স্থানীয় আছুৰ নেতৃবৰ্গ ৷ উক্ত আলোচনাৰ সময়তে ঠিকাদাৰৰ পক্ষৰ একাংশ লোকে গোপনে ভিডিঅ’ কৰাৰ কথা পোহৰলৈ অহাত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

ফিল’বাৰীত উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে, 2017 চনত নিৰ্মাণকাৰ্য আৰম্ভ হোৱা বিজুলীবনৰ পথছোৱা আজিপৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল । শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ ঘনিষ্ঠ হিচাপে পৰিচিত সুনীল শ্বাহ নামৰ ঠিকাদাৰগৰাকীয়ে পথ নিৰ্মাণৰ ক্ষেত্ৰত বহুদিনৰ পৰাই এই অনিয়ম সংঘটিত কৰি আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে আছুৰ নেতৃবৰ্গৰ লগতে স্থানীয় ৰাইজে ৷

লগতে চাওকঃচিৰাঙত প্ৰাক্তন এনডিএফিব সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details