তিনিচুকীয়া, 2 আগষ্ট:ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বেহা ৷ আৰক্ষী যদি ডালে ডালে, ড্ৰাগছ সৰবৰাহকাৰীও পাতে পাতে ৷ যিমানে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আছে সিমানে বৃহৎ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে ৷ সৰবৰাহকাৰীয়েও অৱলম্বন কৰি আহিছে ন ন কৌশল ৷
এইবাৰ তিনিচুকীয়া আৰক্ষী তৎপৰ হৈছে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ৷ তিনিচুকীয়া আৰক্ষীয়ে প্ৰতি দিনে মাৰাত্মক ড্ৰাগছ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । বুধবাৰে তিনিচুকীয়াৰ দহোটীয়াচুকত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় ৷ আৰক্ষীয়ে দহোটীয়াচুকস্থিত প্ৰদীপ দত্ত নামৰ লোকজনৰ ভাড়াঘৰৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ।
তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইৰ সহযোগত অভিযান চলাইছিল ৷ এজন যুৱক আৰু দুগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীসহ ১০ টা চাবোন বাকচ ভৰ্তি হেৰ’ইন জব্দ কৰে । জব্দ কৰা হেৰ’ইনখিনিৰ ওজন ১২৫.৫৭ গ্ৰাম ৷ আটকাধীন তিনি ড্ৰাগছ সৰবাৰাহকাৰীৰ ভিতৰত বিকি সিনহা আৰু আন দুগৰাকী মহিলা বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷