তিনিচুকীয়া, ১৭ আগষ্ট :ৰাজপথৰ এখন বিশেষ বাহন ৷ যাৰ মাদকতা আজিও সুকীয়া ৷ এটা সময়ত বিলাসী বাহন বুলিলেই সকলোৰে চিনাকি আছিল এখনেই বাহন ৷ মন্ত্ৰী-আমোলা সকলোৱে ব্যৱহাৰ কৰিছিল এই বাহন ৷ যিখন বাহনক কোৱা হৈছিল ৰাজপথৰ ৰজা বুলি ৷ আমি উল্লেখ কৰা এসময়ৰ ৰাজপথৰ ৰজাখ্যাত বাহনখন হৈছে এম্বাছেডৰ ৷ হিন্দুস্তান মটৰ্চৰ এম্বাছেডৰ ৷
দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্তকে আদি কৰি তেনে অধিকাংশ VVIP য়েই ব্যৱহাৰ কৰিছিল এম্বাছেডৰ গাড়ী । ভাৰতবৰ্ষতে নিৰ্মাণ কৰা এম্বাছেডৰৰ প্ৰথমটো কাৰখানা আছিল গুজৰাটত ৷ ১৯৫৭ চনত প্ৰথমে হিন্দুস্তান মটৰ্চে এম্বাছেডৰ নিৰ্মাণ কৰিছিল আৰু তেতিয়াৰ মূল্য আছিল ১৪ হাজাৰ টকা ৷
সেই এম্বাছেডৰ ভাৰতৰ প্ৰথমখন ডিজেলচালিত গাড়ী আছিল ৷ গাড়ীখনৰ ভিতৰ ভাগ আহল-বহল হোৱাৰ লগতে বেয়া পথটো বিনাদ্বিধাই সুন্দৰকৈ পাৰ হৈ গৈছিল ৷ যাৰ অনুভৱ কৰিব নোৱাৰিছিল আৰোহীয়ে ৷ এনে দিন আহিছিল যে ক’লা ৰঙৰ এম্বাছেডৰৰ ওপৰত লাইট লগা মানেই আৰক্ষী বিষয়া আৰু বগা ৰঙৰ এম্বাছেডৰৰ ওপৰত লাইট লগা গাড়ী মানেই মন্ত্ৰী-বিধায়ক গৈছে বুলি সকলো জানিছিল ৷
পৰৱৰ্তী সময়ত এম্বাছেডৰৰ ৬০ শতাংশ গাড়ী চৰকাৰী বিষয়াৰ বাবে ক্ৰয় কৰিব লগা হৈছিল ৷ কিন্তু ২০১৪ চনত কিছু কাৰিকৰী তথা বিভিন্ন সমস্যাৰ কাৰণে মাত্ৰ ৮০ কোটি টকাতে হিন্দুস্তান মটৰ্চক গৰাকীয়ে বিক্ৰী কৰিব লগা হৈছিল বিদেশী প্ৰতিষ্ঠানক ৷ আৰু সেয়াই আছিল এম্বাছেডৰৰ সামৰণি ৷