তিনিচুকীয়া,23 ফেব্ৰুৱাৰী:কুইপ’ৰ দুই অপহৃত বিষয়াৰ স্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ দুয়োগৰাকী বিষয়াকে মুকলি কৰি ৰাজ্যত পুনৰ শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ আলফা(স্বা)ক আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে ৷
আনহাতে, আলফা(স্বা) এ দাবী কৰা মুক্তিপণ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয়, আলফাই বিচাৰিলেও কোম্পানীটোৱে টকা দিব নোৱাৰে ৷ ভাৰতৰ সংবিধানত উল্লেখ থকা অনুসৰি যদিহে কোনো প্ৰতিষ্ঠানে সশস্ত্ৰ বাহিনীক ধন দিয়ে, তেন্তে তেওঁলোক শাস্তিৰ সন্মুখীন হ’ব ৷ এইদৰে প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই ৷