অসম

assam

ETV Bharat / state

ডুমডুমাৰ বাইপাছত প্ৰত্যক্ষ বন্যহস্তীৰ বৃহৎ জাক - দুৱাৰমৰা বনাঞ্চলৰ

ডুমডুমা বাইপাছলৈ ওলাই আহিল বন্যহস্তীৰ বৃহৎ জাক ৷ খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাকতো ওলাই অহাৰ সন্দেহ ৷ আতংকিত বাইপাছেৰে যাতায়ত কৰা লোক ৷

খাদ্যৰ সন্ধানত পোৱালী সহ বন্যহস্তীৰ জাকটো ওলাই অহাৰ সন্দেহ
খাদ্যৰ সন্ধানত পোৱালী সহ বন্যহস্তীৰ জাকটো ওলাই অহাৰ সন্দেহ

By

Published : Nov 16, 2020, 9:51 AM IST

ডুমডুমা, 16 নৱেম্বৰ:খাদ্যৰ সন্ধানত ডুমডুমাৰ বাইপাছলৈ ওলাই অহা বন্যহস্তীৰ বৃহৎ জাকে আতংকিত কৰিছে বাইপাছেৰে যাতায়ত কৰা লোকক ৷ দেওবাৰে সন্ধিয়া ডুমডুমাৰ চামডাং চাহ বাগিছাৰ সমীপৰ বাইপাছত বন্যহস্তীৰ বৃহৎ জাকটো ওলাই অহাত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷

খাদ্যৰ সন্ধানত পোৱালী সহ বন্যহস্তীৰ জাকটো ওলাই অহাৰ সন্দেহ

কেবাটাও পোৱালীসহ এনেদৰে ওলাই অহা বন্যহস্তীৰ জাকটো খাদ্যৰ সন্ধানতেই দুৱাৰমৰা বনাঞ্চলৰ পৰা ওলাই অহা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ মন কৰিব লগীয়া কথাটো এইয়ে যে তিনিচুকীয়া জিলাৰ বনাঞ্চলসমূহত অবাধ হাৰত চলা বনধ্বংসৰ ফলশ্ৰুতিতে বন্যহস্তী সমূহ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলৈ ওলাই অহা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷
লগতে পঢ়ক:বন্যহস্তীৰ বাবে সৰহ সংখ্যক কলগছৰ পুলি যোগান

ABOUT THE AUTHOR

...view details