অসম

assam

ETV Bharat / state

DC Swapnil Pal press conference: তিনিচুকীয়াত ধুমুহা শিলাবৃষ্টিত ক্ষতিগ্ৰস্তৰ বাবে হেল্পলাইন নম্বৰ মুকলি

তিনিচুকীয়াত শনিবাৰে নিশা অহা ধুমুহা আৰু শিলাবৃষ্টিৰ সন্দৰ্ভত জিলা উপায়ুক্তৰ সংবাদমেল (DC Swapnil Pal press conference) ৷ ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন উপায়ুক্ত স্বপ্নীল পালৰ, সংবাদমেলৰ জৰিয়তে জনসাধাৰণক আতংকিত নহবলৈ আৰু পুনৰুদ্ধাৰৰ অভিযানত প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই জিলা উপায়ুক্তই ।

Helpline number opened for storm hail victims
তিনিচুকীয়াত ধুমুহা-শিলাবৃষ্টিত ক্ষতিগ্ৰস্তলৈ হেল্পলাইন নম্বৰ মুকলি

By

Published : Apr 23, 2023, 10:48 PM IST

তিনিচুকীয়াত ধুমুহা-শিলাবৃষ্টিত ক্ষতিগ্ৰস্তলৈ হেল্পলাইন নম্বৰ মুকলি

তিনিচুকীয়া, ২৩ এপ্ৰিল: শনিবাৰে নিশা অহা বিধ্বংসী ধুমুহা তথা শিলাবৃষ্টিত তিনিচুকীয়া চহৰৰ লগতে তিনিচুকীয়া আৰু ডুমডুমা ৰাজহচক্ৰৰ অন্তৰ্গত বহু গাঁৱত ব্যাপক হাৰত ক্ষতিসাধন হয় । শিলাবৃষ্টিৰ ইমানেই বেছিকৈ হৈছিল যে দেওবাৰে পুৱা পৰ্যন্ত বৰফৰ আস্বাদন পথৰ কাষৰ নলাত, খালত পৰিলক্ষিত হৈছিল (Hail Storm in Tinsukia) ৷

শিলাবৃষ্টিৰ ফলত বহুতো বাসগৃহৰ টিনপাত ফুটাই নষ্ট কৰাৰ লগতে প্ৰচণ্ড ধুমুহাই বৰগুৰি, নখৰাই, বাৰেকুৰি, দিহিঙীয়া গাঁৱৰ লগতে বহুতো স্থানত কাৰোবাৰ যদি ঘৰৰ টিনপাত উৰুৱাই নিয়ে কাৰোবাৰ আকৌ ঘৰত, বাহনত গছ পৰি ধ্বংস হৈছে (Storm in Tinsukia) ৷ এক কথাত ক’বলৈ গ’লে ধুমুহা আৰু প্ৰচণ্ড শিলাবৃষ্টিয়ে অধিকাংশ লোককেই অনিষ্ট কৰি যায় যদিও আজি দেওবাৰে সন্ধিয়াও পুনৰ এক ধুমুহা বলা পৰিলক্ষিত হয় ৷

কিন্তু দেওবাৰৰ ধুমুহাজাকত ক্ষতিৰ সন্দৰ্ভত অৱগত হোৱা নাই (DC Swapnil Pal press conference) ৷ এইক্ষেত্ৰত তিনিচুকীয়া জিলা প্ৰশাসনে ধুমুহাত ক্ষতিগ্ৰস্ত এলেকাসমূহৰ বাট-পথ মুকলি কৰাৰ লগতে বিজুলী সংযোগৰ পুনৰুদ্ধাৰ বাবে খৰতকীয়াকৈ অভিযান আৰম্ভ কৰিছে । শনিবাৰে নিশাই জিলা উপায়ুক্ত স্বপ্নীল পালে তিনিচুকীয়া চহৰৰ বিভন্ন এলেকাত উপস্থিত হৈ ধুমুহা তথা শিলাবৃষ্টিত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে তাৎক্ষণিকভাৱে যাৱতীয় সাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে (Two Persons Died in Due to Storm in Tinsukia) ।

দেওবাৰে এই সন্দৰ্ভতে তিনিচুকীয়া ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ত জিলা উপায়ুক্তগৰাকীয়ে এখনি সংবাদমেল অনুষ্ঠিত কৰি জনসাধাৰণক আতংকিত নহ'বলৈ আৰু জিলা প্ৰশাসনৰ ওপৰত আস্থা ৰাখি পুনৰুদ্ধাৰৰ অভিযানত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । জিলা প্ৰশাসনে জনসাধাৰণৰ সুবিধাৰ্থে তথা ধুমুহাত হোৱা ক্ষয়ক্ষতিৰ বিষয়ে প্ৰশাসনক অৱগত কৰিবলৈ দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰে ।

জনসাধাৰণে ৯৩৬৫১১৮৫০৩ আৰু ৯৩৯৪৫৮৫৬২২ নম্বৰৰ জৰিয়তে ধুমুহা তথা শিলাবৃষ্টিত হোৱা ক্ষয়ক্ষতিৰ বিষয়ে প্ৰশাসনক অৱগত কৰিব পাৰিব বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে (Helpline number opened for storm-hail victims) । উল্লেখযোগ্য যে, শনিবাৰে নিশা অহা প্ৰৱল ধুমুহা আৰু শিলাবৃষ্টিত তিনিচুকীয়া চহৰৰ লগতে তিনিচুকীয়া ৰাজহচক্ৰৰ ৩০ খন আৰু ডুমডুমা ৰাজহচক্ৰৰ ২৩ খন গাঁও গুৰুতৰভাবে প্ৰভাৱিত হৈছে । ইতিমধ্যে, তিনিচুকীয়া জিলা প্ৰশাসনে ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত টাৰ্পলিন আদি বিতৰণ কৰিছে ।

যোৱা নিশাৰ ধুমুহাত ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে তিনিচুকীয়া টাউন এলেকাত কেইবাজোপা গছ বাগৰি পৰাৰ ফলত অৱৰোধ হৈ পৰা বাটপথসমূহ তিনিচুকীয়া জিলা প্ৰশাসনে বন বিভাগ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত তাৎক্ষণিকভাৱে মুকলি কৰিবলৈ সক্ষম হৈছে । ধুমুহাৰ ফলত তিনিচুকীয়া টাউনৰ লগতে অন্যান্য বিভিন্ন এলেকাত বিদ্যুতৰ খুঁটাসমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত বিছিন্ন হৈ পৰা বিজুলীৰ সংযোগৰ তৎকালীন পুনৰুদ্ধাৰৰ বাবে বিদ্যুৎ বিভাগক যুদ্ধকালীন প্ৰচেষ্টা চলাবলৈ জিলা উপায়ুক্ত স্বপ্নীল পালে নিৰ্দেশ দিছে (Heavy Storm and hailstorm in Tinsukia) ।

ইয়াৰোপৰি এনেধৰণৰ প্ৰকৃতিক দুৰ্যোগৰ সময়ছোৱাত হাৰ্ডৱেৰৰ ব্যৱসায়ীসকলক ঘৰত লগোৱা টিনপাত তথা অন্যান্য আনুসাংগিক সামগ্ৰীৰ দাম বৃদ্ধি নকৰিবলৈ জিলা উপায়ুক্তই সংবাদমেল যোগে আহ্বান জনায় আৰু এই ক্ষেত্রত অনতিপলমে এখন জাননীও জাৰি কৰা হ'ব বুলি সংবাদমেলত উল্লেখ কৰে ।

আনহাতে, যোৱা নিশাৰ প্ৰৱল ধুমুহাত দুৰ্ভাগ্যজনকভাৱে মৃত্যু মুখত পৰা ৰাইডাং চাহ বাগিচাৰ বিজয় মানকী আৰু বৰডুবি চাহ বাগিচাৰ দেৱ কুমাৰ ঠাকুৰৰ নিকট আত্মীয়ক মৰোণোত্তৰভাৱে ৪ লাখকৈ টকাৰ সাহায্য প্ৰদান কৰা হৈছে বুলিও জিলা উপায়ুক্তই সংবাদমেলত অৱগত কৰে ।

লগতে পঢ়ক:Tributes to P P Singh: গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰয়াত জ্যেষ্ঠ সাংবাদিক পি পি সিঙলৈ শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details