অসম

assam

ETV Bharat / state

Suicide Case in Tinsukiya: উদয়পুৰত বোৱাৰী আত্মহত্যাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি - Suicide Case

তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত 3 নং উদয়পুৰত এগৰাকী বোৱাৰীৰ আত্মহত্যা (Daughter in law committed suicide in Udaipur) ৷ এই ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উদয়পুৰত ৷ মৃত বোৱাৰীগৰাকী নাম ছোনিয়া ছেত্ৰী ৷ ছোনিয়া ছেত্ৰী মৃত্যুৰ ন্যায় বিচাৰি সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উদয়পুৰত ৷

Heated situation over suicide in Tinsukiya
উদয়পুৰত বোৱাৰী আত্মহত্যাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

By

Published : Oct 18, 2022, 11:04 PM IST

তিনিচুকীয়া, 18 অক্টোবৰ: তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত 3 নং উদয়পুৰত এগৰাকী বোৱাৰীৰ আত্মহত্যা (Daughter in law committed suicide in Udaipur) ৷ এই ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উদয়পুৰত ৷ মৃত বোৱাৰীগৰাকী নাম ছোনিয়া ছেত্ৰী ৷ ছোনিয়া ছেত্ৰী মৃত্যুৰ ন্যায় বিচাৰি সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উদয়পুৰত ৷

ঘটনাৰ বিৱৰণী মতে, 2022 বৰ্যৰ 4 জুলাইত জাগুন 9 মাইলৰ বাসিন্দা ধন বাঃ ছেত্ৰীৰ কন্যা ছোনিয়া ছেত্ৰী বিৱাহ পাশত আৱদ্ধ হৈছিল ৩ নং উদয়পুৰৰ দ্বিতীয় অসম ৰাইফলছৰ জোৱান প্ৰশান্ত কটোৱালৰ লগত । আন সকলো ছোৱালীৰ দৰেই বিয়াৰ পিছত এটা ধুনীয়া সংসাৰ গঢ়ি তোলাৰ সপোন আছিল ছোনিয়াৰো ৷ বহু সপোন লৈ বিৱাহ পাশত আৱদ্ধ হৈছিল ছোনিয়া ৷ কিন্তু ছোনিয়াৰ সপোন বাস্তৱত পৰিণত নহ’ল ৷ বিয়াৰ প্ৰথম অৱস্থাত সকলো ঠিকে ঠাকে আছিল ৷ কিন্তু হঠাৎ সকলো সলনি হ’বলৈ ধৰিলে ছোনিয়াৰ জীৱনত ৷

উদয়পুৰত বোৱাৰী আত্মহত্যাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ছোনিয়াৰ প্ৰতি যেন ব্যৱহাৰ সলনি হ’ব ধৰিল স্বামী প্ৰশান্ত কটোৱালৰ ৷ এনেকৈ পাৰ হৈ আছিল দিন ৷ কিন্তু যোৱা 9 অক্টোবৰত স্বামী প্ৰশান্ত কটোৱালে পত্নীক লৈ মিজোৰামৰ সেনা পৰিয়াল আৱাস গৃহ লৈ ৰাওনা হয় । কিছুদিন কটোৱাৰ পিছত স্বামী কটোৱালৰ পত্নীৰ প্ৰতি ব্যৱহাৰ আৰু অধিক বেয়াৰ গতিলৈ ঢাল খাবলৈ ধৰিলে ৷ পত্নী ছোনিয়াৰ ওপৰত এইবাৰ মানসিক, শাৰীৰিক অত্যাচাৰৰ বৃদ্ধি পাব ধৰিলে ৷ কেৱল ইমানেই নহয়, ছোনিয়াক কোঠাত বন্দী কৰি থৈ কৰ্তব্য সম্পাদন কৰিবলৈ যায় স্বামী কটোৱাল । এই সমস্ত ঘটনা ফোন যোগে ছোনিয়াই অৱগত কৰিছিল পৰিয়ালৰ লোকক ৷

তাৰ পিছতেই চিন্তিত হৈ পৰিছিল পৰিয়ালবৰ্গ ৷ এই ঘটনাৰ পিছত পৰিয়ালবৰ্গই ছোনিয়াক বহু যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও ফোনত যোগাযোগ বিচ্ছিন্ন হৈ পৰে ছোনিয়াৰ । ইফালে এই সম্পৰ্কে প্ৰশান্ত কটোৱালক ঘৰৰ মানুহে অৱগত কৰাৰ পাছতে কটোৱালে তিনি সতীৰ্থসহ আৱাসিক কোঠালৈ গৈ ছোনিয়াক চিলিং ফেনত ওলমি থকা প্ৰত্যক্ষ (Suicide Case) ৷

সোমবাৰে দিনৰ ভাগত ছোনিয়াৰ মৃতদেহ স্বামী গৃহলৈ অনাৰ লগতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ (Heated situation over suicide in Tinsukiya) ৷ পৰিয়ালবৰ্গৰ সন্দেহ এয়া আত্মহত্যা নহয়, বৰঞ্চ এইয়া এক হত্যাহে ৷ তিনি সতীৰ্থৰ সৈতে প্ৰশান্ত কটোৱাল নিজৰ আৱাসিক কোঠালৈ যোৱা বিষয়েও সন্দেহ প্ৰকাশ কৰে পৰিয়ালৰ লোকে ৷ লগতে পৰিয়ালবৰ্গৰ গুৰুতৰ অভিযোগ, কোনো স্ত্ৰীৰ সৈতে অবৈধ সম্পৰ্ক আছিল কটোৱালৰ ৷ ইতিমধ্যেই পৰিয়ালবৰ্গই লেখাপানী আৰক্ষীক সকলো কথা বিৱৰী কয় আৰু তদন্ত কৰি দোষীক উচিত শাস্তি দিবলৈও দাবী জনায় ৷

ইফালে সোমবাৰে সন্ধিয়ালৈ পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কটোৱালৰ বাসগৃহত । মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি অনাৰ পাছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি । উত্তপ্ত ৰাইজে কটোৱালৰ বাসগৃহটো কৰিলে আক্ৰমণ । আনফালে লেখাপানী আৰক্ষীয়ে প্ৰশান্ত কটোৱালৰ বাসগৃহত আক্ৰমণ চলোৱা ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত অৰুপ শৰ্মা নামৰ এজন যুৱকক আটক কৰে সোমবাৰে নিশাই । যুৱকজনৰ ঘৰ জাগুনৰ ছয় মাইলত বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Attempt to suicide : ধনশিৰিত জাপ দিবলৈ অহা যুৱতীক বাধা সচেতন নাগৰিকৰ

ABOUT THE AUTHOR

...view details