অসম

assam

ETV Bharat / state

জিঅ’ টাৱাৰক লৈ মাৰ্ঘেৰিটাত উত্তপ্ত পৰিস্থিতি

ম'বাইল টাৱাৰক লৈ মাৰ্ঘেৰিটাত উত্তপ্ত পৰিস্থিতি ৷ স্থানীয় ৰাইজে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ ৷ মহকুমাধিপতিক ফোন যোগে অভিযোগ প্ৰদান ৰাইজৰ ৷

By

Published : Nov 1, 2020, 8:15 PM IST

Heated conditions in Margherita for JIO Tower
জি'অ টাৱাৰক লৈ মাৰ্ঘেৰিটাত উত্তপ্ত পৰিস্থিতি

মাৰ্ঘেৰিটা, 1 নৱেম্বৰ : মাৰ্ঘেৰিটাৰ বালুখাদত দেওবাৰে এটি ম'বাইল টাৱাৰ স্থাপনকলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ব্যৱসায়ী প্ৰমোদ কুমাৰ শ্বাহ নামৰ ব্যক্তিজনে নিজ গৃহত জিঅ’ বুষ্টাৰ টাৱাৰ স্থাপন কৰাক লৈ অঞ্চলটোৰ পুৰুষ-মহিলা সকল ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হয় ।

জি'অ টাৱাৰক লৈ মাৰ্ঘেৰিটাত উত্তপ্ত পৰিস্থিতি

ৰাইজৰ অভিযোগ অনুসৰি, ঘন জনবসতি পূৰ্ণ অঞ্চল তথা 3 খনকৈ বিদ্যালয় থকা এলেকাত মাৰ্ঘেৰিটা নগৰ সমিতিয়ে কিদৰে ৰাইজৰ পৰা অনুমতি নোলোৱাকৈ টাৱাৰ বহাবলৈ অনুমতি দিলে তাকে লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰিছে ৰাইজে । এই ক্ষেত্ৰত স্থানীয় ৰাইজে মাৰ্ঘেৰিটা মহকুমাধিপতিক ফোন যোগে অভিযোগ প্ৰদান কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :খুমটাইৰ ঐতিহাসিক বৰগুৰি সমন্বয় ক্ষেত্ৰত ভক্তৰ সোঁত

ABOUT THE AUTHOR

...view details