অসম

assam

By

Published : Sep 8, 2019, 11:46 AM IST

ETV Bharat / state

মধ্যাহ্ন ভোজনৰ চাউল চুৰি কৰি ধৰা পৰিল প্ৰধান শিক্ষয়িত্ৰী!

ৰূপাই টি.ই. মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ লজ্জাজনক কাণ্ড ৷ শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ চাউল চুৰি কৰাৰ অভিযোগ স্থানীয় যুৱকৰ ৷

মধ্যাহ্ন ভোজনৰ চাউল চুৰি কৰি ধৰা পৰিল প্ৰধান শিক্ষয়িত্ৰী

ডুমডুমা, 8 চেপ্তেম্বৰঃ তিনিচুকীয়া জিলাৰ হাপজান শিক্ষা খণ্ডৰ অন্তৰ্গত ৰূপাই টি.ই. মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মধ্যাহ্ন ভোজনৰ বাবে অহা চাউল চুৰি কৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকী ধৰা পৰা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ প্ৰাপ্ত তথ্য মতে যোৱা শনিবাৰে বিয়লি বিদ্যালয়ৰ কাষতে থকা খেলপথাৰত স্থানীয় যুৱকসকলে খেলি থকাৰ সময়তে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে দুটা চাউল ভৰ্তি বেগ গাড়ীত ভৰোৱা দেখি যুৱকসকল গাড়ীৰ ওচৰলৈ আহি গাড়ীৰ ডিকি খুলিবলৈ কোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে । উল্লেখ্য যে, বিদ্যালয়ৰ পৰিচালনা সমিতি সভাপতিজনৰ অভিযোগ, আগতেও এনেধৰণৰ কাৰ্যৰ লগত জড়িত হৈছিল শিক্ষয়িত্ৰীগৰাকী ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে অহা মধ্যাহ্ন ভোজনৰ চাউল এইদৰে চুৰি কৰা কাৰ্যৰ ক্ষেত্ৰত শিক্ষা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব ৷

মধ্যাহ্ন ভোজনৰ চাউল চুৰি কৰি ধৰা পৰিল প্ৰধান শিক্ষয়িত্ৰী

ABOUT THE AUTHOR

...view details