তিনিচুকীয়া, ৪ চেপ্তেম্বৰ :উজনি অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন স্থানত বৰ্তমানেও অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া বেহা ৷ ৰাজনৈতিক আশিষধন্য এচাম স্বয়ম্ভু নেতাৰ চত্ৰছায়াত মাৰ্ঘেৰিটাৰ নামদাং, বৰগোলাই, লিডুৰ চিনাবস্তি, নামটক, জৰ্ণাবস্তি, মোলং, টেলখাতবস্তি, টিৰাপ ৬ নং আদি অঞ্চলত কয়লাৰ অবৈধ বেহা চলি থকাৰ তথ্য পোৱা গৈছে ৷ চৰকাৰ তথা মাৰ্ঘেৰিটা লিডু আৰক্ষী প্ৰশাসনৰ চৰম সোপাঢিলা নীতিৰ বাবে কয়লা মাফিয়াই চৰম সীমা চেৰাই যোৱাৰ উপক্ৰম ঘটিছে ৷
কোন আৰক্ষী ! কোন প্ৰশাসন ? সকলোকে অঙ্গুষ্ঠ প্ৰদৰ্শন কৰি এচাম কয়লা চোৰে লিডুৰ বিভিন্ন স্থানত অবৈধভাৱে গঢ়ি তুলিছে কয়লাৰ বহু অবৈধ খনি ( খাদান ) ৷ বিভিন্ন পক্ষক মেনেজ কৰি কয়লা চোৰে কয়লাৰ বৃহৎ চিণ্ডিকেট গঢ়ি তুলাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ বিভিন্ন সময়ত অবৈধভাৱে গঢ়ি উঠা কয়লা খনি সমূহত ভূমিস্খলন তথা মিথেইন গেছ নিৰ্গত হৈ বহু শ্ৰমিকৰ মৃত্যু হয় ৷
ইয়াৰ সমান্তৰালকৈ কয়লা কঢ়িয়াবলৈ যাওঁতে পাহাৰৰ দুৰ্গম এলেকাৰ পৰা পৰি বহু শ্ৰমিকৰ মৃত্যু হয় ৷ তাৰে বহু দুৰ্ঘটনা গোপনে কয়লা মাফিয়াই গাপ দি ৰাখিবলৈ চেষ্টা চলাই যদিওঁ একাংশ ঘটনা পোহৰলৈ আহে ৷ তেনে এক ঘটনা পুনৰ সংঘটিত হয় লিডুৰ কয়লাখনিত ৷ সোমবাৰে লিডুৰ টিৰাপ কলিয়ৰীত কয়লা খনন কৰিবলে গৈ পুনৰ মৃত্যুক আঁকোৱালি লয় এজন শ্ৰমিকে ৷ শ্ৰমিকজন বৰডুমছাৰ জনৈক সুৰজ বুলি জানিব পৰা গৈছে ৷ যুৱকজনৰ মৃতদেহ স্থানীয় একাংশ ব্যক্তিয়ে প্ৰত্যক্ষ কৰাৰ পাচতেই চাঞ্চল্যকৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ৷
লিডুৰ কয়লা খনিত ইজনৰ পিচত সিজন শ্ৰমিক মৃত্যু হয় যদিও বহু ঘটনা গাপ দিবলৈ চেষ্ঠা কৰে কয়লা মাফিয়াই ৷ লিডুৰ ভিন্ন অঞ্চলত এফালে যদি চলি আছে কয়লা মাফিয়াৰ দপদপনি আনফালে কিন্তু কয়লা শ্ৰমিকৰ ৰহস্যজনক মৃত্যুয়ে বহু ৰহস্য ফাদিল কৰিছে ৷ লিডুৰ কয়লা খনিত শ্ৰমিকৰ মৃত্যু এইয়া প্ৰথম ঘটনা নহয় যদিও আৰক্ষীৰ নীৰৱ ভুমিকাক সমালোচনা কৰিছে সচেতন মহলে ৷ লিডু আৰক্ষীৰ নিষ্ক্ৰিয় ভুমিকাৰ বাবেই সঘনাই এনে ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ বহুজনৰ ৷