অসম

assam

ETV Bharat / state

Elephant trafficking : দল-সংগঠনৰ নেতৃত্বক সকীয়নি প্ৰদান কৰি গুজৰাটলৈ লৈ যোৱা হ’ল অৰ্ধশতাধিক হাতী - গুজৰাটলৈ লৈ যোৱা হ’ল অৰ্ধশতাধিক হাতী

তিনিচুকীয়াৰ মাজেৰে গুজৰাটলৈ অৰ্ধশতাধিক হাতীৰ সৰবৰাহ ৷ দল-সংগঠনৰ নেতৃত্বক সকীয়নি প্ৰদান তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাৰ ৷ কাকপথাৰত নিশা উত্তপ্ত পৰিস্থিতি (Elephant trafficking in Assam) ৷

Smuggling of elephants
ৰাজ্যত গোপনে চলিছে হাতীৰ সৰবৰাহ

By

Published : Apr 21, 2023, 1:07 PM IST

তিনিচুকীয়াৰ মাজেৰে গুজৰাটলৈ অৰ্ধশতাধিক হাতীৰ সৰবৰাহ

তিনিচুকীয়া, 21 এপ্ৰিল : তিনিচুকীয়া জিলাৰ কাকপথাৰ উবন গাঁৱৰ জয়মালা নামৰ এটা হাতীক বহিঃৰাজ্যত আতিশয্য চলোৱা খবৰে দেশজুৰি সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ ৷ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে এটা প্ৰতিনিধি দলো হাতীটো প্ৰত্যক্ষ কৰিবলৈ প্ৰেৰণ কৰিছিল ৷ জয়মালাৰ ঘটনাৰ পিচতে এইবাৰ অসম-অৰুণাচল সীমান্তত আৰম্ভ হৈছে হাতী সৰবৰাহৰ ঘটনা (joymala elephant case) ৷

অসম- অৰুণাচল সীমান্তৰ পৰা বহিঃৰাজ্যলৈ অৰ্ধশতাধিক হাতী সৰবৰাহ কৰাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰৰ মাজনিশা তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বাইপাছত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ঘটনাৰ বিৱৰণী অনুসৰি, বৃহস্পতিবাৰে নিশা অসম-অৰুণাচলৰ সীমান্তৰ পৰা ৪৯ খন ট্ৰাকত সৰবৰাহ কৰাৰ যত্ন কৰা হৈছিল অৰ্ধশতাধিক হাতী ৷ গাড়ীয়ে গাড়ীয়ে হাতী দেখা পায় একাংশ লোকে অৱৰোধ কৰিছিল হাতী কঢ়িয়াই নিয়া গাড়ীসমূহ ৷ গাড়ীৰ পঞ্জীয়ন নম্বৰ আৰু সোধা-পোছা কৰি স্থানীয় দল সংগঠনে জানিব পাৰে যে হাতীখিনি অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা তিনিচুকীয়া জিলাৰ মাজেৰে গুজৰাটলৈ লৈ যাবৰ বাবে সাজু কৰা হৈছে বুলি (Assam Arunachal Border)।

উচ্চ ন্যায়ালয়ৰ অনুমতি থকাৰ অজুহাতেৰে হাতীখিনি সৰবৰাহ কৰা হৈছিল বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি নিশাই কাকপথাৰ বাইপাছ পথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিষয়া, তিনিচুকীয়া আৰক্ষীৰ শীৰ্ষ বিষয়াসহ এটা দল উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে । তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় দল-সংগঠনক হাতী সৰবৰাহ সন্দৰ্ভত অৱগত বুলি উল্লেখ কৰি সম্পূৰ্ণ নীতি-নিয়ম পালন কৰি হাতীবোৰ লৈ যোৱা হৈছে বুলি জানিবলৈ দিয়ে (Deputy Superintendent of Police of Tinsukia district) ৷

ঘটনাস্থলীত উপস্থিত স্থানীয় দল-সংগঠনৰ লোকসকলক এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত হাতীবোৰ নিবলৈ পথ মুকলি কৰি নিদিলে অন্যান্য ব্যৱস্থা ল’ব লগা লাগিব বুলি সকীয়নি প্ৰদান কৰি নিশাই ৪৯ খন ট্ৰাকেৰে হাতীখিনি তিনিচুকীয়া জিলা পাৰ কৰি দিয়ে ৷ ইফালে উক্ত ঘটনাৰ সন্দৰ্ভত স্থানীয় দল-সংগঠনৰ নেতৃত্বই সৰৱ হৈ পৰে আৰু এই অৰ্ধশতাধিক হাতীৰ ভিতৰত যে সকলো অৰুণাচল প্ৰদেশৰ হয় সেয়া কোনো নিশ্চিত নহয় ৷ তাত তিনিচুকীয়া জিলাৰো হাতী থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে দল-সংগঠনৰ নেতৃত্বই (Illegal Trafficking of Assam Elephant) ।

উল্লেখ্য যে, হাতীসমূহৰ গৰাকী কোন তাৰো কোনো নথিপত্ৰ নাই ৷ গতিকে এইক্ষেত্ৰত দল-সংগঠনৰ নেতৃত্বই সন্দেহ ব্যক্ত কৰিছে কিমানটা হাতী লৈ যোৱাৰ অনুমতি আছিল আৰু কিমানটা হাতী লৈ যোৱা হৈছে বুলি।

লগতে পঢ়ক :Police constable suicide : ছাৰ্ভিচ ৰিভলভালেৰে গুলীয়াই আত্মহত্যা আৰক্ষী কনিষ্টবলৰ

ABOUT THE AUTHOR

...view details