লখিমপুৰ,21অক্টোবৰ: এইবাৰ অনলাইনযোগে প্ৰেৰণ কৰা ধনৰ ওপৰত চকু হেকাৰৰ ৷ লখিমপুৰত গ্ৰেপ্তাৰ কৰা হয় এটা অনলাইন হেকাৰ ৷ হেকাৰটো বিহপুৰীয়াৰ ৰোহিত মিশ্ৰ বুলি চিনাক্ত কৰা হৈছে ৷
লখিমপুৰত গ্ৰেপ্তাৰ হেকাৰ - বিহপুৰীয়া
লখিমপুৰত অনলাইনযোগে ধন হৰলুকি কৰি আৰক্ষীৰ জালত পৰিল এটা হেকাৰ ৷ হেকাৰটো বিহপুৰীয়াৰ ৰোহিত মিশ্ৰ বুলি চিনাক্ত ৷
লখিমপুৰত গ্ৰেপ্তাৰ হেকাৰ
প্ৰাপ্ত তথ্য অনুসৰি,লখিমপুৰ আৰক্ষী থানাত দিল্লীৰ এজন ব্যক্তিয়ে দিয়া গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় হেকাৰটোক ৷ লখিমপুৰ আৰক্ষীৰ তথ্যৰ ভিত্তিত বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য পাতৰৰ নেতৃত্বত অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰে অনলাইনযোগে ধন হৰলুকি কৰা কুখ্যাত হেকাৰ ৰোহিত মিশ্ৰক । তিনি বছৰৰ পূৰ্বেও একে অপৰাধত গ্ৰেপ্তাৰ হৈছিল ৰোহিত । বিহপুৰীয়া আৰক্ষীয়ে ইতিমধ্যে ৰোহিতক গতাই দিছে লখিমপুৰ আৰক্ষীৰ হাতত ৷
অন্য এক খবৰৰ বাবে: অনলাইন শিক্ষাৰে বিদেশত সুনাম অসম কন্যাৰ