তিনিচুকীয়া, ২৩ নৱেম্বৰ: বুধবাৰে সন্ধিয়া প্ৰায় ৭ বজাত তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক কপাহতলি ভাৰতীয় সেনা বাহিনীৰ শিৱিৰলৈ লক্ষ্য কৰি কোনো দুৰ্বৃত্তই গ্ৰেণেড নিক্ষেপ কৰে ৷ মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই নিক্ষেপ কৰিছিল গ্ৰেণেডটো ৷ সৌভাগ্যক্ৰমে সেনা বাহিনীৰ শিৱিৰৰ কাষত পৰি বিস্ফোৰিত হয় গ্ৰেণেডটো ৷ গ্ৰেনেডটো বিস্ফোৰণটোত কোনো লোক হতাহত হোৱা নাই ৷
এই ঘটনাৰ পিচতে জিলাখনত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছিল ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ততাতৈয়াকৈ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ, অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাসৰ লগতে আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে সমগ্ৰ অঞ্চলটোত অভিযান আৰম্ভ কৰে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰা অনুসৰি, সেনা বাহিনীৰ চাউনীলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰিছিল যদিও শিৱিৰত সেনা এলাৰ্ট থকাৰ বাবে কাষতে পেলাই থৈ যায় ৷ ইতিমধ্যে চৌদিশে আৰক্ষীয়ে তন্নকৈ অভিযান চলোৱাৰ লগতে দুৰ্বৃত্তৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে ৷ আৰক্ষীয়ে ঘটনাস্থলীত চিচিটিভি ফুটেজ পাই নেকি তাৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷