অসম

assam

ETV Bharat / state

ডুমডুমাত এজেন্টৰ ওপৰত চৰকাৰী চাউল আত্মসাতৰ অভিযোগ - ডুমডুমাত এজেন্টৰ ওপৰত চৰকাৰী চাউল আত্মসাতৰ অভিযোগ

লক্ ডাউনৰ দুটা সপ্তাহৰ পিচত চৰকাৰে বিভিন্ন আঁচনি মুকলি কৰে যদিও বৰ্তমান সৰ্বদিশৰ পৰা আঁচনিসমূহত কেৱল দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ খবৰ অহা পৰিলক্ষিত হৈছে ৷

চাউল আত্মসাতৰ অভিযোগ
চাউল আত্মসাতৰ অভিযোগ

By

Published : Apr 10, 2020, 11:50 AM IST

ডুমডুমা, 10 এপ্ৰিল : কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে জনসাধাৰণৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন আঁচনি ঘোষণা কৰি জনসাধাৰণক লক ডাউনৰ সমস্যাৰ পৰা পৰিত্ৰাণ দিয়াৰ চেষ্টা কৰিছিল যদিও দুর্নীতি আৰু অনিয়মৰ ফলত সেইয়া আভুৱাত পৰিণত হৈছে । লক্ ডাউনৰ দুটা সপ্তাহৰ পিচত চৰকাৰে বিভিন্ন আঁচনি মুকলি কৰে যদিও বৰ্তমান সৰ্বদিশৰ পৰা আঁচনিসমূহত কেৱল দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ খবৰ অহা পৰিলক্ষিত হৈছে ৷

এইবাৰ চৰকাৰী চাউল বিতৰণকলৈ এজেন্টৰ বিৰুদ্ধে উত্থাপিত হৈছে অনিয়মৰ অভিযোগ । তিনিচুকীয়া জিলাৰ ধলা অঞ্চললৈ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক ডুমডুমালৈ উভতি অহা সময়ত বাটত একাংশ মহিলাই সমবায় সমিতিৰ এজেন্টে চাউল বিতৰণত অনিয়ম কৰা বুলি অভিযোগ উত্থাপন কৰে ৷ ফলত সাংবাদিকসকলে এজেন্টগৰাকীক বিষয়টো সন্দৰ্ভত সোধপোচৰ বাবে সাক্ষাৎ কৰে ।

চাউল আত্মসাতৰ অভিযোগ

ন-বৰমুৰা গাওঁ পঞ্চায়তৰ বহুমুখী মহিলা সমবায় সমিতিৰ সম্পাদিকা মামনী বৰগোহাঁই নামৰ মহিলাগৰাকীক ৰাইজৰ অভিযোগ সন্দৰ্ভত জানিবলৈ বিচৰাত মহিলাগৰাকীয়ে অগ্নিশৰ্মা হৈ সাংবাদিক কেইজনক অপদস্থ কৰে । ৰাইজৰ অভিযোগ অনুসৰি এজেন্ট মামনী বৰগোহাঁইয়ে অন্ন সুৰক্ষা আইন আঁচনিৰ চাউল প্ৰতিগৰাকী লোকক আধা কেজিৰ পৰা তিনি কেজি পৰ্যন্ত কমকৈ দিছে আৰু প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে প্ৰতিজন ব্যক্তিক ৫ কেজি কৈ দিয়া চাউল পৰিয়াল হিচাপে 30/35 কেজি দিয়া সলনি মাত্ৰ 10/15 কেজি দি বাকী চাউল আত্মসাত কৰাৰ অভিযোগ উঠিছে ।

এই সন্দৰ্ভত এজেন্ট মামনী বৰগোহাঁইয়ে চৰকাৰী চাউল প্ৰতি বস্তাত 2/4 কেজিকৈ কম আহে লগতে বেয়া চাউল অহাৰ ফলত ৰাইজক কমকৈ চাউল দিবলৈ বাধ্য হোৱা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷ লগতে বিগত 3 বছৰ ধৰি এজেন্টৰ যি কমিচন পাব লাগে মামনী বৰগোহাঁইয়ে উক্ত কমিচন চৰকাৰৰ পৰা পোৱা নাই যাৰ বাবে ৰাইজক কমকৈ চাউল দি নিজ মজুৰিৰ ব্যৱস্থা কৰিছে বুলি সাংবাদিক সকলক জানিবলৈ দিয়ে ।

আনহাতে একে অঞ্চলতে হৰিমোহন শৰ্মা নামৰ এজেন্ট এজনে প্ৰতি গৰাকী ব্যক্তিক 5 কেজিকৈ চাউল দিয়াৰ বিপৰীতে 4 কেজিকৈ দিয়াৰ কথা স্বীকাৰ কৰি কয় যে দুই বস্তা চাউল বেয়া অহাৰ বাবে কমকৈ চাউল প্ৰদান কৰিছে । কথা হ'ল চৰকাৰে দিনে-ৰাতি জনসাধাৰণক ধন আৰু চাউল যোগান দিয়াৰ কথা কয় নিজৰ প্ৰশংসা কৰি আছে যদিও প্ৰকৃতাৰ্থত ইয়াৰ বিপৰীত প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে । চৰকাৰী ধন আৰু চাউল বিতৰণৰ ক্ষেত্ৰত হোৱা অনিয়ম বিলাক প্ৰতেক্ষ্য কৰি চৰকাৰক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সচেতন লোকে ।

ABOUT THE AUTHOR

...view details