তিনিচুকীয়া, ২৮ জুন :ৰাজ্যৰ শিক্ষাখণ্ডত বিগত বহু সময় ধৰি নানান উত্থান-পতন পৰিলক্ষিত হৈছে ৷ বেছিভাগ সময়তে শিক্ষক সমাজে ভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰাই দেখিবলৈ পোৱা গৈছে ৷ বিশ্ববিদ্যালয়সমূহত চেণ্টাৰসমূহ বিভাগলৈ উন্নীতকৰণৰ দাবীৰ পৰা আৰম্ভ কৰি কিছু কিছু মহাবিদ্যালয়ক অটোন’মাচ কৰাৰ লগতে বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ, উচ্চতৰ মাধ্যমিক শিক্ষাৰ ষ্ট্ৰীম তিনিটা চৰকাৰীকৰণ, বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ খালী পদ পূৰণ, ঠিকা ভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ, বিশেষ টেট-উত্তীৰ্ণ শিক্ষকসকলক নিযুক্তিকৰণ আদি বিভিন্ন দাবীৰ মাজেৰে চলি থকা অসমৰ শিক্ষা বিভাগটোৰ শোচনীয় ৰূপটো বহু সময়ত পৰিস্ফূট হৈ পৰিছে ৷
চৰকাৰে অসমৰ বহু চাহ জনজাতি অধ্যূষিত অঞ্চলত কেইবাখনো মডেল স্কুল স্থাপন কৰিছে ৷ জনজাতীয় লোকসকলৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ মানসেৰে স্থাপন কৰা বিদ্যালয়সমূহলৈ সাধাৰণ ৰাইজৰ সোঁত বোৱা পৰিলক্ষিত হৈছে ৷ ই আমাৰ সমাজৰ বাবে এক যোগাত্মক বাৰ্তা ৷ শেহতীয়াকৈ তিনিচুকীয়া জিলাখনৰ ভিতৰতেই উচ্চ শিক্ষাৰ এক অন্যতম শিক্ষানুষ্ঠান ডুমডুমা মহাবিদ্যালয় সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা, যিয়ে উৎফুল্লিত কৰি তুলিছে সকলোকে ৷