তিনিচুকীয়া, ১২ এপ্ৰিল: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ চেঙেলী মাজগাঁও আৰু সৰুমেচাই গাঁৱৰ বাসিন্দা অকণি শইকীয়া আৰু ফটিক বৰুৱাই জীৱনৰ অধিকাংশ সময় মানৱ সম্পদ গঢ়াত অতিবাহিত কৰিলে যদিও সদায় চৰকাৰৰ পৰা অৱহেলিত হৈয়ে থাকিল । পেছাত দুয়োগৰাকী শিক্ষক ৷ প্ৰাথমিক বিদ্যালয়ৰ দুয়োগৰাকী আছিল চৰকাৰী নিযুক্তিপ্ৰাপ্ত শিক্ষক (Teacher deprived from salary in Kakapathar) । চৰকাৰীভাৱে নিযুক্তি লাভ কৰাৰ পিচতো কিন্তু নাপালে কোনো দৰমহা । ২২ বছৰ ধৰি শিক্ষকতাৰ দৰে মহান বৃত্তিত নিয়োজিত হৈয়ো উপেক্ষিত হৈ ৰ'ল এই দুগৰাকী শিক্ষক ।
চৰকাৰী কাৰ্যালয়,মন্ত্ৰী-আমোলাৰ পৰা কোনোধৰণৰ সঁহাৰি লাভ নকৰাত অবশেষত সংবাদ মাধ্যমৰ কাষ চাপি মনৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে সহায় ভিক্ষা কৰিছে শিক্ষক দুগৰাকীয়ে । আৰম্ভণিতে দুয়োগৰাকীক বৃত্তিধাৰি হিচাবে নিযুক্তি দিয়া হৈছিল যদিও চৰ্ত অনুসৰি দুয়োগৰাকী ব্যক্তিয়ে প্ৰশিক্ষণ সম্পূৰ্ণ কৰাত উত্তীৰ্ণ হৈ অহাৰ বাবে মাহিলী ভাত্তা নিৰ্ধাৰণ কৰি সেই ভাত্তা উপভোগ কৰিব পাৰিব বুলি আদেশ পত্ৰ দিছিল । এই পত্ৰৰ জৰিয়তে ১৯৯৯ চনত অকণি শইকীয়াক কাকপথাৰৰ সৰুমেচাই প্ৰাথমিক বিদ্যালয় (Sarumesai Primary School in Kakapathar) আৰু ১৯৯৮ চনত ফটিক বৰুৱাক শিশু কল্যাণ প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিছিল তিনিচুকীয়াৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা অহা নিৰ্দেশনাৰ ভিত্তিত (Sishu Kalyan Primary School)।