তিনিচুকীয়া,10 মাৰ্চঃৰাজ্যৰ চৰকাৰী চিকিৎসালয় সমূহত ৰোগীক পৰিশ্ৰৰ্যাৰ বাবে চৰকাৰে নিযুক্তি প্ৰদান কৰিছে চৰকাৰী চিকিৎসকক ৷ কিন্তু ৰাজ্যৰ কেতবোৰ চিকিৎসালয়ত সময়মতে চিকিৎসক উপস্থিত নথকাৰ অভিযোগ কোনো নতুন কথা নহয় ৷ মংগলবাৰে ডিগবৈ অসামৰিক চিকিৎসালয়ত সংঘটিত হয় এক অনুৰূপ ঘটনা ৷ ঘটনাৰ তথ্য অনুসৰি,পেটৰ বিষত ভুগি থকা এগৰাকী মহিলা ৰোগীক চিকিৎসা কৰাবলৈ প্ৰায় 3 ঘণ্টা ধৰি চিকিৎসালয়ত অপেক্ষা কৰা পিছতহে চিকিৎসালয়ত উপস্থিত হয় কৰ্তব্যৰত চিকিৎসক ডাঃ জে এম দেউৰী ৷ চিকিৎসকজন পলমকৈ উপস্থিত হোৱাত ৰোগীগৰাকীৰ স্বামী অশোক দাসে পলমকৈ অহাৰ কাৰণ সোধাত চিকিৎসকগৰাকী খড়্গহস্ত হয় ৷ লগতে অশোক দাসক প্ৰহাৰ কৰি ম’বাইল ফোন পৰ্যন্ত ভাঙি পেলায় ৷
ডিগবৈত চিকিৎসকৰ অভব্য আচৰণক কেন্দ্ৰ কৰি সৃষ্টি উত্তপ্ত পৰিস্থিতি - Government Doctor hited patient at Digboi Civil Hospital Tinsukia Assam etv bharat news
তিনিচুকীয়াৰ ডিগবৈ অসামৰিক চিকিৎসালয়ত চিকিৎসকে মাৰপিট কৰিলে ৰোগীৰ অভিভাৱকক ৷ চিকিৎসক ডাঃ জে এম দেউৰীৰ অভব্য আচৰণৰ বাবে তীব্ৰ উত্তেজনা সৃষ্টি চিকিৎসালয়ত ৷ ঘটনা সন্দৰ্ভত চিকিৎসালয়ত মোতায়েন নিৰাপত্তাৰক্ষী ৷

উত্তপ্ত পৰিস্থিতি
উত্তপ্ত পৰিস্থিতি ডিগবৈ অসামৰিক চিকিৎসালয়ত
চিকিৎসকগৰাকীৰ উক্ত কৰ্মকাণ্ডই সমগ্ৰ ডিগবৈত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইপিনে ঘটনাৰ খবৰ বিয়পি পৰা মাত্ৰকে চিকিৎসালয় চৌহদত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকাত চিকিৎসালয়খনত আৰক্ষী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷