অসম

assam

ETV Bharat / state

কাকপথাৰত মানৱ শৃংখল কাৰ্যসূচী - EIE

কাকপথাৰত কা বাতিল, ই আইএ বাতিলৰ লগতে অখিল গগৈ,দেবাংগনা কলিতাৰ মুক্তিৰ দাবীত প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৷ সন্মিলিত সংগ্ৰামী মঞ্চৰ উদ্যোগত এই মানৱ শৃংখল কাৰ্যসূচী পালন কৰা হয় ৷

caa-aggainst- protest_kakopothar
কাকপথাৰত মানৱ শৃংখল কাৰ্যসূচী

By

Published : Jul 30, 2020, 8:22 PM IST

শদিয়া,30 জুলাই: কাকপথাৰৰ চেঙেলীৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৷ সন্মিলিত সংগ্ৰামী মঞ্চৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন ২০১৯,EIA ২০২০ বাতিল আৰু কৃষক নেতা অখিল গগৈ,'কা’ বিৰোধী গোচৰত দিল্লীত আটক হোৱা দেবাংগনা কলিতাৰ মুক্তিৰ দাবীত এই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

কাকপথাৰত মানৱ শৃংখল কাৰ্যসূচী

অন্য এক খবৰৰ বাবে: নলবাৰীত ব্ৰইলাৰ কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত

সংগঠনটোৰ শতাধিক কৰ্মীয়ে 'কা' আমি নামানো,বিজেপি চৰকাৰ হুছিয়াৰ,আৰ এছ এছ হুছিয়াৰ,অখিল গগৈক মুক্তি দিয়ক,দেবাংগনা কলিতাক মুক্তি দিয়ক আদি শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ চৰকাৰে এই দাবীসমূহ মানি নললে অতি শীঘ্ৰে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হূংকাৰ দিয়ে সংগঠনটোৰ সদস্যসকলে ৷

ABOUT THE AUTHOR

...view details