অসম

assam

বিধায়ক ভাস্কৰ শৰ্মাৰ মহানুভৱতা

By

Published : Feb 21, 2021, 5:30 PM IST

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ 74 গৰাকী মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীলৈ বিধায়ক ভাস্কৰ শৰ্মাই আগবঢ়াইছে বিশেষ উপহাৰ ৷ লিডু উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত বিনামূলীয়াকৈ এবছৰৰ বাবে প্ৰশিক্ষণ গ্ৰহণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিধায়ক গৰাকীয়ে ৷

বিধায়ক ভাস্কৰ শৰ্মাৰ মহানুভৱতা
বিধায়ক ভাস্কৰ শৰ্মাৰ মহানুভৱতা

মাৰ্ঘেৰিটা,21 ফেব্ৰুৱাৰী:মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ মহানুভৱতা ৷ সমষ্টিটোৰ 74 গৰাকী মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীলৈ বিধায়ক গৰাকীয়ে আগবঢ়াইছে বিশেষ উপহাৰ ৷ কাৰিকৰী শিক্ষা গ্ৰহণ কৰিব বিচৰা 74 গৰাকী ছাত্ৰ-ছাত্ৰীক এবছৰৰ বাবে বিনামূলীয়াকৈ লিডু উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বিধায়ক গৰাকীয়ে ৷

বিধায়ক ভাস্কৰ শৰ্মাৰ মহানুভৱতা

পি পি মুডত আৰম্ভ হোৱা আই টি আই খনত এইবছৰৰ বাবে 128 টা আসন ৰখা হৈছে । তাৰ ভিতৰত ইতিমধ্যে 54 টা আসন পূৰ হৈছে যদিও বাকী থকা 74 টা আসন গৃহ সমষ্টিৰ মেধাসম্পন্ন দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে বিনামূলীয়া কৰি দিয়া কাৰ্যই প্ৰশংসিত কৰি তুলিছে বিধায়ক গৰাকীক ৷ প্ৰশিক্ষণ প্ৰতিষ্ঠানটোত নামভৰ্তি মাচুলসহ মাহেকীয়া মাচুলো ৰেহাই কৰি দিছে ছাত্ৰ- ছাত্ৰী সকলৰ বাবে ।

বিধায়ক ভাস্কৰ শৰ্মাৰ মহানুভৱতা
লগতে পঢ়ক:সতী সাধিনী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ড৹ জ্যোতিপ্ৰসাদ শইকীয়া

ABOUT THE AUTHOR

...view details