তিনিচুকীয়া, 23 ডিচেম্বৰ:দেশজুৰি পালন কৰা হৈছে সুশাসন সপ্তাহ(Good Governance Week 2022) । সমগ্ৰ দেশতে ১৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা সুশাসন সপ্তাহ ২৫ ডিচেম্বৰ পৰ্যন্ত পালন কৰা হ'ব ৷ সমগ্ৰ দেশৰ লগতে তিনিচুকীয়া জিলাতো অনুষ্ঠিত হ’ব সু-শাসন সপ্তাহ ৷ এই সন্দৰ্ভত জিলা উপায়ুক্তই এখন সংবাদমেলৰ আয়োজন কৰে (Tinsukia district commissioner press meet)৷ সু-শাসন সপ্তাহ উদযাপন সন্দৰ্ভত বিতংভাবে অৱগত কৰাৰ উদ্দেশ্যৰে বৃহস্পতিবাৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত নৰসিংপৱাৰে এখনি সংবাদমেলৰ আহ্বান কৰে (Tinsukia district commissioner Narsing Pawar)।
চলিত বৰ্ষৰ সু-শাসন সপ্তাহৰ মূল বিষয়বস্তু 'গাওঁ অভিমূখে প্ৰশাসন' বুলি জিলা উপায়ুক্তগৰাকীয়ে সংবাদ মেলযোগে জানিবলৈ দিয়ে । জিলা উপায়ুক্ত গৰাকীয়ে উপস্থিত সংবাদকৰ্মীসকলক সু-শাসন সপ্তাহৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে এই বৰ্ষৰ মুখ্য বিষয়বস্তু 'গাওঁ অভিমূখে প্ৰশাসন' ৰ সৈতে সংগতি ৰাখি জিলা প্ৰশাসনে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়েও উল্লেখ কৰে । জিলা উপায়ুক্ত পৱাৰে সু শাসন সপ্তাহ জিলাখনত সফলতাপূৰ্বকভাৱে ৰূপায়ণৰ বাবে জিলা প্ৰশাসনৰ প্ৰতিগৰাকী উচ্চপদস্থ বিষয়াই গ্ৰামাঞ্চল সমূহত উপস্থিত হোৱাৰ লগতে অঞ্চলটোত বিভিন্ন চৰকাৰী আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত বুজ ল'ব বুলি উল্লেখ কৰে ৷
তদুপৰি অন্যান্য বিভিন্ন আচঁনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰা হ’ব বুলিও জিলা উপায়ুক্ত পৱাৰে উল্লেখ কৰে । তৃণমূল পৰ্যায়ত ৰাইজৰ সমস্যা-অসুবিধা সন্দৰ্ভত অৱগত হোৱাৰ লগতে সমস্যা-অসুবিধা দূৰ কৰিবৰ বাবে ফলপ্ৰসু পদক্ষেপ গ্ৰহণৰ উদ্দেশ্যৰে সু-শাসন সপ্তাহৰ অনুষ্ঠানত এই ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ৷ লগতে চৰকাৰ-প্ৰশাসনৰ সৈতে সৰ্বসাধাৰণৰ সম্পৰ্ক উন্নীত কৰাৰ বাবেও এনে অভিযান হাতত লোৱা হৈছে বুলি উল্লেখ কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পৱাৰে ৷