শিৱসাগৰ, 7 ডিচেম্বৰ: মানৱ ধর্মই যে শ্ৰেষ্ঠ ধর্ম সেইয়া পুনৰ এবাৰ প্ৰমাণিত কৰিলে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিয়ে ৷ পদপথত পৰি থকা এগৰাকী বৃদ্ধক উদ্ধাৰ কৰি ঠাই দিলে বৃদ্ধাশ্ৰমত ৷ শিৱসাগৰৰ প্রায় বহুজনৰে পৰিচিত মেকানিক মন্টু কলিতা ৷ যন্ত্ৰ চালিত বাহনৰ যান্ত্ৰিক বিজুতিৰ খুটি নাটি মাৰি পুনৰ চালিত কৰি তুলিব পৰা মন্টু কলিতা এতিয়া শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল ৷ বছৰৰ পাছত বছৰ ধৰি নিজৰ উপাৰ্জনেৰে জীৱন নিৰ্বাহ কৰি আহিছিল যদিও মন্টু কলিতা এতিয়া অকলশৰীয়া ৷
পত্নী আৰু দুই কন্যা সন্তানৰ সৈতে মন্টু কলিতাৰ আছিল এখন সুখৰ সংসাৰ ৷ কালক্ৰমত মন্টু কলিতাৰ পত্নীয়ে নগৰৰ কালিবাৰীৰ সমীপৰ ঘৰ মাটি নিজৰ নামত কৰি অন্য এজন পুৰুষৰ লগত গুছি যায় ৷ তাৰ পাছতে মানসিক ভাৱে ভাগি পৰে মন্টু কলিতা ৷ ৰুগীয়া দেহাৰে কর্ম কৰিবলৈ অসমৰ্থ হোৱাত পদপথত আশ্রয় গ্ৰহণ কৰে ৷