অসম

assam

ETV Bharat / state

তিনিচুকীয়াত গীতাঞ্জলিয়ে আনিলে আনন্দৰ বন্যা - tinsukia

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তিনিচুকীয়াৰ এখন অনাথ আশ্ৰমৰ আবাসী গীতাঞ্জলি তাছাই কঢ়িয়াই আনিছে আনন্দৰ বন্যা ৷ তিনিটা বিষয়ত লেটাৰ মাৰ্কসহ মুঠ 430 নম্বৰেৰে প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে গীতাঞ্জলি ৷

সূৰ্যোদয় শিশু গৃহ অনাথালয়লৈ আনন্দৰ বন্যা কঢ়িয়াই অনা গীতাঞ্জলি...
gitanjali tasa a orphan girl from tinsukia secured 1st division with letter mark in hslc exam

By

Published : Jun 6, 2020, 7:56 PM IST

Updated : Jun 7, 2020, 11:31 AM IST

তিনিচুকীয়া, 6 জুনঃ শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে আনন্দৰ বন্যা কঢ়িয়াই আনিছে তিনিচুকীয়াৰ এখন অনাথ আশ্ৰমলৈ ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত, তিনিটা বিষয়ত লেটাৰ মাৰ্কসহ মুঠ 430 নম্বৰেৰে প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গীতাঞ্জলিয়ে অনাথালয় খনৰ লগতে গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ অঞ্চলটোলৈ ৷

সূৰ্যোদয় শিশু গৃহ অনাথালয়লৈ আনন্দৰ বন্যা কঢ়িয়াই অনা গীতাঞ্জলি...

পানীতোলা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰী গীতাঞ্জলি,বৰহাপজানৰ কেশৱ বাহেতি সূৰ্যোদয় শিশু গৃহ নামৰ আশ্ৰম খনতে সৰুৰে পৰা ডাঙৰ হোৱা এই ছাত্ৰীগৰাকীৰ সফলতাত আনন্দিত আশ্ৰমখনৰ আবাসীসকল ৷ কিন্তু সকলো থাকিও যেন,কিবা এটা নাই গীতাঞ্জলিৰ ৷ এই আনন্দৰ মূহুৰ্তৰ অংশীদাৰ হ'বলৈ কাষত নাই তাইৰ পিতৃ মাতৃ ৷

গীতাঞ্জলিয়ে আশ্ৰম খনৰ কৰ্মচাৰীসকলে দিয়া সামান্য সুবিধাৰ মাজেৰেই আজি কঠিন পৰীক্ষাত উত্তীৰ্ণ হৈ জীৱন যুদ্ধত জয়ী যোৱাৰ বাট মুকলি কৰিছে ৷ ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে অনাথালয় খনৰ সকলো সদস্য ৷ উল্লেখ্য যে,গীতাঞ্জলিৰ খবৰ লাভ কৰি তাইৰ ভৱিষ্যত অধ্যয়নৰ বাবে সহায় কৰিবলৈ আগবাঢ়ি আহিছে তিনিচুকীয়াৰ যুৱ উদ্যোগী ৰাজৰ্ষি গগৈ ৷

কঠোৰ অধ্য়ৱসায় আৰু দৃঢ়তাৰে গীতাঞ্জলি তাছাই জীৱনৰ কঠোৰতম সময়খিনিক আনন্দৰ মূহুৰ্তলৈ পৰিৱৰ্তন কৰাৰ এই সময়খিনিৰ অংশীদাৰ হৈ পৰিল সকলো ৷ ইটিভি ভাৰতৰ তৰফৰ পৰাও গীতাঞ্জলিলৈ জনালো শুভেচ্ছা ৷

লগতে পঢ়কঃহাইমাদ্ৰাছাত প্ৰথম স্থানত উজ্বলিল পাচলি বিক্ৰী কৰা পিতৃৰ সন্তান

Last Updated : Jun 7, 2020, 11:31 AM IST

ABOUT THE AUTHOR

...view details