অসম

assam

ETV Bharat / state

ঘৰ থাকিও অঘৰী জীৱন কটোৱা দুই ভগ্নী

নিজ ঘৰৰ পৰা উপেক্ষিত কাকপথাৰৰ দুই যুৱতীক ঠিকনা বিচাৰি দিলে কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাই

ঘৰ থাকিও অঘৰী জীৱন কটোৱা দুই ভগ্নীক আশ্ৰয় !

By

Published : May 27, 2019, 11:01 PM IST

শদিয়া,২৭ মে': কাকপথাৰত মানৱতাৰ উৎকৃষ্ট উদাহৰণ। মুকলি আকাশৰ তলত থকা দুই যুৱতীক আশ্ৰয় প্ৰদান কৰে কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাই। কাকপথাৰৰ ২নং চেলেংগুৰিৰ কৃষ্ণা কুমাৰী যাদৱ আৰু দীপিকা কুমাৰী যাদৱ নামৰ ভগ্নী দুগৰাকীয়ে চাৰিদিন ধৰি কাকপথাৰৰ চহৰৰ পুৰণা মহলৰ বাৰান্দাতে বসবাস কৰি আছিল ৷ দুগৰাকী গাভৰুৱে এইদৰে থকা বিষয়টো কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ দৃষ্টিগোচৰ হোৱাত দুই ভগ্নীৰ পৰা তেনেকৈ বাস কৰাৰ বিষয়ে সোধাত নিজৰ ভাতৃৰ হাৰাশাস্তিৰ বাবে এইদৰে থাকিব লগা হোৱা বুলি জানিবলৈ দিয়ে ৷

ঘৰ থাকিও অঘৰী জীৱন কটোৱা দুই ভগ্নীক আশ্ৰয় !

মুন্না প্ৰসাদ যাদৱ নামৰ ব্যক্তিগৰাকীয়ে দুই ভগ্নীক মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ লগতে তেওঁলোকৰ পৈতৃক সম্পত্তি হিচাপে থকা ঘৰটোৰ মাটিখিনিৰ এটা অংশও বিক্ৰী কৰি দিয়া বুলি উল্লেখ কৰে ৷ মৰাণ ছাত্ৰ সন্থাৰ কৰ্মীসকলে ভাতৃ মুন্না প্ৰসাদ যাদৱৰ লগত দুই ভগ্নীক একেলগ কৰাই নিজ গৃহত থকাৰ ব্যৱস্থা কৰি দিয়ে আৰু লগতে ভৱিষ্যতে এনেধৰণৰ কাৰ্য সংঘটিত নকৰে তাৰ বাবেও মুন্না যাদৱৰ পৰা লিখিত প্ৰতিশ্ৰুতি লয়। মৰাণ ছাত্ৰ সন্থাৰ এই কাৰ্যৰ এতিয়া শলাগ লৈছে অঞ্চলবাসীয়ে।

ABOUT THE AUTHOR

...view details