তিনিচুকীয়া, 27 এপ্ৰিল: শেহতীয়াকৈ অসম চৰকাৰৰ প্ৰচেষ্টাত বিহুৱে গঢ়িলে বিশ্ব অভিলেখ (Bihu World record ) ৷ কিন্তু এইবাৰ বিহুৰ হুঁচৰিক কেন্দ্ৰ কৰি এটা মহিলা বিহুৰ দল লিংগ বৈষম্যৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ ছোৱালীয়ে ধুতি পৰিধান কৰাৰ বাবেই নিমন্ত্ৰণ কৰাৰ পাচতো গাবলৈ দিয়া নহ’ল হুঁচৰি ৷ তিনিচুকীয়া জিলাৰ ফিল’বাৰী সংঘটিত হৈছে এই ঘটনা (Philobari Husori controversy) ৷
অভিযোগ অনুসৰি তিনিচুকীয়া জিলাৰ ফিল’বাৰী অঞ্চলৰ প্ৰয়াস সাংস্কৃতিক গোষ্ঠী নামৰ দলটোক ফিল’বাৰীতে অনুষ্ঠিত কৰা এটা অনুষ্ঠানত প্ৰদৰ্শনৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছিল ৷ কিন্তু দলটো উপস্থিত হোৱাৰ পাচতেই অনুষ্ঠানটো আয়োজন কৰা কেইগৰাকীমান বিষয়ববীয়াই ছোৱালীয়ে ধুতি পৰিধান কৰাৰ বাবে হুঁচৰি প্ৰদৰ্শন কৰা বাৰণ কৰে ৷ হুঁচৰিক কেন্দ্ৰ কৰি এই দৰে লিংগ বৈষ্যমৰ সৃষ্টি কৰাক লৈ আৰু ছোৱালীৰ দলটোক অপমানিত কৰাক কেন্দ্ৰ কৰি অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ (Girls deprived of performing husori) ৷