অসম

assam

By

Published : Sep 5, 2019, 11:23 PM IST

ETV Bharat / state

কাকপথাৰৰ যুৱতী অৰুণাচলৰ পৰা নিৰুদ্দেশ, এজাহাৰ দাখিল

কাকপথাৰৰ বৰাচুক গাঁৱৰ প্ৰবিত্ৰ বৰাৰ কণ্যা বৰষা বড়া যোৱা ১৫ আগষ্টৰ পৰা সন্ধানহীন হৈ আছে৷ ইতিমধ্যে কাকপথাৰ থানাত যুৱতীগৰাকীৰ সন্ধান বিচাৰি এজাহাৰ দাখিল কৰিছে পিতৃ পবিত্ৰ বৰাই ৷

কাকপথাৰৰ যুৱতী অৰুণাচলৰ পৰা নিৰুদ্দেশ, এজাহাৰ দাখিল

শদিয়া,5ছেপ্টেম্বৰঃ কাকপথাৰৰ এগৰাকী যুৱতী অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে ৷ কাকপথাৰৰ বৰাচুক গাঁৱৰ পবিত্ৰ বৰাৰ কন্যা বৰষা বৰা যোৱা ১৫ আগষ্টৰ পৰা সন্ধানহীন হৈ আছে ৷ ইতিমধ্যে কাকপথাৰ থানাত যুৱতীগৰাকীৰ সন্ধান বিচাৰি এজাহাৰ দাখিল কৰিছে পিতৃ পবিত্ৰ বৰাই ৷ প্ৰায় চাৰিবছৰ আগতেই ইটানগৰৰ দিফু নামৰ এজন চৰকাৰী বিষয়াৰ ঘৰলৈ বন কৰা ছোৱালী হিচাপে গৈছিল যুৱতীগৰাকী ৷ ইপিনে ১৫ আগষ্টৰ ৰাতি যুৱতী গৰাকীয়ে কোনোৱে নজনাকৈ ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰে পৰা সন্ধানহীন হৈ আছে বুলি পৰিয়ালৰৰ লোকক দিফুৰ পৰিয়ালে জনায় ৷ আনহাতে যুৱতী গৰাকীৰ পিতৃয়ে কাকপথাৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও ঘটনাটো ঘটা এটা পষেক পাৰ হৈ গ'ল যদিও এতিয়া লৈকে কোনো ধৰণৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷

কাকপথাৰৰ যুৱতী অৰুণাচলৰ পৰা নিৰুদ্দেশ, এজাহাৰ দাখিল

ABOUT THE AUTHOR

...view details