তিনিচুকীয়া, 9 মাৰ্চ: দেশত ন্যায় ব্যৱস্থা আজিও অক্ষুন্ন আছে, গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে তাকে প্ৰমাণ কৰিলে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে সুদীৰ্ঘ 29 বছৰ পুৰণি 1994 চনৰ অভিশপ্ত 22 ফেব্ৰুৱাৰীত তিনিচুকীয়া জিলাৰ ডাঙৰীত সেনাৰ দ্বাৰা সংঘটিত পাঁচজন নিৰীহ যুৱকৰ হত্যাকাণ্ডৰ চুড়ান্ত ৰায়দান প্ৰদান কৰিলে (Tinsukia Panch Swahid case) ৷
অভিশপ্ত 22 ফেব্ৰুৱাৰীত সেনাই হত্যা কৰা সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ তিনিচুকীয়া জিলা সমিতিৰ তদানীন্তন উপদেষ্টা ডাঙৰী গাঁৱৰ প্ৰবীন সোণোৱাল, তালাপৰ আছু কৰ্মী অখিল সোণোৱাল, প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস আৰু লাইনা-তামুলি গাৱঁৰ ভৱেন মৰাণৰ পক্ষত বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান দি নিৰীহ শ্বহীদ পৰিয়াল পাঁচটাক 20 লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ প্ৰদান কৰিছে ৷ ৰায়দানটোত উচ্চ ন্যায়ালয়ে ক্ষতিপূৰণ লাভ কৰিব লগা শ্বহীদ পৰিয়ালৰ সদস্য পাঁচজনক চিনাক্তকৰণ কৰিবলৈ তিনিচুকীয়া জিলা ন্যায়ধীশ পৰ্যায়ত কমিটি গঠন কৰিবলৈও প্ৰদান কৰিছে নিৰ্দেশনা (Verdict on Tinsukia Panch Swahid) ৷
উল্লেখ্য যে, 1994 চনৰ 15 ফেব্ৰুৱাৰীত তিনিচুকীয়া জিলাৰ তালাপস্থিত অসম ফ্ৰন্টিয়াৰ লিমিটেডৰ অন্তৰ্গত তালাপ চাহ বাগিছাৰ পৰিচালক ৰামেশ্বৰ সিঙক নিষিদ্ধ ঘোষিত সংগঠন আলফাই গুলীয়াই হত্যা কৰাৰ পাছত 18 ফেব্ৰুৱাৰীৰ পুৱতি নিশা ভাৰতীয় সেনাৰ 18 নং পাঞ্জাৱ ৰেজিমেণ্টে সেই সময়ৰ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা ডাঙৰী গাঁৱৰ প্ৰবীণ সোনোৱাল, আছুৰ সক্ৰিয় সদস্য তালাপৰ প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস, লাইনা-তামুলী গাঁৱৰ ভবেন মৰাণ, ধলাৰ ন-বৰমূৰা গাঁৱৰ অখিল সোনোৱাল, ৰূপাইৰ বিষ্ণু নগৰৰ গুণীন হাজৰিকা, প্ৰকাশ শৰ্মা, তালাপ আহুবাৰীৰ মনোৰঞ্জন দাস আৰু তামুলী-ধূলিজান 1নং বাদল পথাৰ গাঁৱৰ মতেশ্বৰ মৰাণ নামৰ 9 জনকৈ নিৰীহ যুৱকক আলফাৰ সন্দেহত নিজ নিজ গৃহৰ পৰা উঠাই নিছিল (Operation against ULFA) ।
ইয়াৰে গুণীন হাজৰিকা, প্ৰকাশ শৰ্মা, মনোৰঞ্জন দাস (বৰ্তমান মৃত) আৰু মতেশ্বৰ মৰাণক সেনাই মুকলি কৰি দিছিল যদিও প্ৰবীণ সোনোৱাল, প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস, ভবেন মৰাণ আৰু অখিল সোনোৱালক চাৰি দিনকৈ সেনা ছাউনীত অকথ্য শাৰীৰিক নিৰ্যাতন চলাই শেষত 22 ফেব্ৰুৱাৰী দিনা ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ নি শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল । অতি বৰ্বৰতাৰে সেনাই ভুৱা আলফা সজাই পাঁচজনকৈ নিৰীহ যুৱকক হত্যা কৰাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাইজে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল (Army killed innocents in Assam) ।
পৰৱৰ্তী সময়ত সেই সময়ৰ আছু নেতা জগদীশ ভূঞাই (Jagdish Bhuyan) 23 ফেব্ৰুৱাৰী দিনা গুৱাহাটী উচ্চ ন্যায়ালয়ত উক্ত পাঁচ শ্বহীদৰ ন্যায় বিচাৰি আবেদন কৰাত ন্যায়ালয়ে ডাঙৰীৰ এই পঞ্চ শ্বহীদকাণ্ডৰ তদন্ত ভাৰ অৰ্পণ কৰিছিল চিবিআইক । চিবিআইয়ে চি 4/চি/2000 নম্বৰত এটা গোচৰ ৰুজু কৰি 2000 চনতে তদন্তৰ চূড়ান্ত প্ৰতিবেদন ন্যায়ালয়ক আৰু ভাৰতীয় সেনা প্ৰধানক দাখিল কৰিছিল । সুদীৰ্ঘ বছৰ সেনাই চিবিআইয়ে দাখিল কৰা তদন্তৰ প্ৰতিবেদন গাপ দি ৰাখিছিল যদিও 2017 চনৰ ছেপ্টেম্বৰ মাহত চিবিআইৰ প্ৰতিবেদনৰ ভিত্তিত দিনজানস্থিত সেনাৰ কৰ্টত 18 নং পঞ্জাৱ ৰেজিমেণ্টৰ দোষী বিষয়াা জোৱানৰ বিৰুদ্ধে কৰ্ট মাৰ্চেলৰ ব্যৱস্থা কৰে সেনা প্ৰধানে (Tinsukia Panch Swahid History) ।