গুৱাহাটী, 9 মাৰ্চ:আলফা দমনৰ নামত সমগ্ৰ অসমত নমাই অনা সেনাৰ বৰ্বৰতাৰ বলি হৈ অকাল মৃত্যুক সাবটি ল’ব লগা হৈছিল বহু নিৰীহ জনতাই ৷ বহু লোক চিৰ দিনৰ বাবে হৈ পৰিছিল পংগু ৷ তাৰেই এক জলন্ত উদাহৰণ হ’ল তিনিচুকীয়াৰ পঞ্চ শ্বহীদ (Panch Swahid of Tinsukia) ৷
অৱশেষত সুদীৰ্ঘ 29 বছৰৰ পাচত ন্যায় পাবলৈ সক্ষম হ’ল পঞ্চ শ্বহীদৰ পৰিয়ালে ৷ পঞ্চ শ্বহীদৰ পৰিয়ালক 20 লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (compensation to Panch Swahid family) ৷ অনাগত দুমাহৰ ভিতৰত কেন্দ্ৰই পৰিয়াল কেইটাক দিব লাগিব ক্ষতিপূৰণ ৷ পাঁচগৰাকী শ্বহীদৰ পৰিয়ালে তিনিচুকীয়া জিলা ন্যায়াধীশৰ ওচৰত এই ক্ষতিপূৰণৰ বাবে জনাব লাগিব আবেদন (Dangari encounter case) ৷
উল্লেখ্য যে, 29 বছৰৰ পূৰ্বে তিনিচুকীয়া জিলাৰ ডাঙৰীৰ পাঁচজন নিৰীহ যুৱকক হত্যা কৰি ভুৱা সংঘৰ্ষৰ ৰূপ দিছিল ভাৰতীয় সেনাই ৷ 1994 চনৰ 22 ফ্ৰেব্ৰুৱাৰীত শোৱাপাটীৰ পৰা উঠাই নি 23 ফ্ৰেব্ৰুৱাৰীত ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আলফা সজাই নিৰ্মমভাৱে হত্যা কৰিছিল ভাৰতীয় সেনা বাহিনীৰ 18নং পঞ্জাৱ ৰেজিমেণ্টে ৷ সেনাই হত্যা কৰা এই পাঁচগৰাকী যুৱক আছিল আছুৰ কৰ্মী (Fake encounter by Indian Army in Assam) ৷