মাৰ্ঘেৰিটা,26মে': দিহিং পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খনন চলাবলৈ দিয়া নহ'ব ৷ এই মন্তব্য বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷ তিনিচুকীয়া জিলাৰ লিডুৰ প্ৰস্তাৱিত শালেকী বনাঞ্চলত কয়লাৰ মুক্ত খননৰ প্ৰস্তুতিক লৈ বিভিন্ন দল- সংগঠন তথা প্ৰকৃতিপ্ৰেমী সৰৱ হৈ থাকোঁতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশমৰ্মে আজি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত হয় মাৰ্ঘেৰিটাত । মন্ত্ৰী শুক্লবৈদ্যই উত্তৰ পূব কয়লা ক্ষেত্ৰৰ অন্তৰ্গত লিডুৰ টিকক কলিয়ৰীত উপস্থিত হৈ কয়লাৰ মুক্ত খননৰ বাবে ক'ল ইণ্ডিয়াই অনুমতি বিচৰা স্থান পৰিদৰ্শন কৰে ।
পৰিদৰ্শনৰ সময়ছোৱাত সাংবাদিকৰে হোৱা মুখামুখিত মন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত সৰ্বাধিক বনানীকৰণ হোৱা আৰু কাজিৰঙাত গড় সুৰক্ষিত হোৱা বুলিও মন্তব্য প্ৰকাশ কৰে৷ ইয়াৰ লগতে বনাঞ্চল ধ্বংস কৰি কেতিয়াও মুক্ত খনন কাৰ্য চলাবলৈ বিজেপি চৰকাৰে কোনো কাৰণতে অনুমতি নিদিয়ে বুলিও স্পষ্ট কৰে মন্ত্ৰীগৰাকীয়ে ৷