অসম

assam

ETV Bharat / state

Tinsukia Illegal liquor distillery case : অবৈধ চুলাই ভাটিত নিহত চাৰি; ঘটনাৰ তদন্ত আৰম্ভ - তিনিচুকীয়া জিলা

অবৈধ চুলাই প্ৰস্তুত কৰা কাৰাখানা স্থাপন কৰা চুলাই ভাটিত বৃহস্পতিবাৰে মালিক, পুত্ৰসহ চাৰি জনৰ মৃত্যু হোৱাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ৷

Tinsukia Illegal liquor distillery case
তীব্ৰ চাঞ্চল্য

By

Published : Aug 11, 2023, 7:52 PM IST

অবৈধ চুলাই ভাটিত চাৰিজনৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য

তিনিচুকীয়া, 11 আগষ্ট : তিনিচুকীয়া জিলাৰ তালাপৰ টিপুকত অবৈধভাৱে চাহ বাগিছাৰ মাটি দখল কৰি অত্যাধুনিকভাৱে মটৰ স্থাপন কৰি অবৈধ চুলাই প্ৰস্তুত কৰা কাৰাখানা স্থাপন কৰা চুলাই ভাটিত বৃহস্পতিবাৰে মালিক, পুত্ৰসহ চাৰি জনৰ মৃত্যু হোৱাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ ইতিমধ্যে তালাপৰ টিপুকত চুলাই ভাটিত পৰি চুলাই ভাটিৰ মালিকসহ চাৰিজন লোকৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰক্ষীয়ে আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ৷

ঘটনাস্থলীত নিশাই উপস্থিত হয় তিনিচুকীয়া জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাস, ডুমডুমা ৰাজহ চক্ৰ বিষয়া ৰণণ্ময় ভৰদ্বাজ, ডুমডুমা আৰক্ষী থানা আৰু তালাপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৷ ঘটনাস্থলী পৰিদৰ্শন কৰি ঘটনা সম্পৰ্কে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

ৰাম প্ৰসাদ ৰায় ওৰফে চেৰ্পা নামৰ লোকজনে অবৈধভাৱে চাহ বাগিছাৰ মাটি দখল কৰি অত্যাধুনিকভাৱে মটৰ স্থাপন কৰি,অবৈধভাৱে চুলাই ভাটি স্থাপন কৰি বছৰ বছৰ ধৰি ডুলাই প্ৰস্তুত কৰিআহিছিল ৷ যোৱা বছৰ জিলা প্ৰশাসনে এই ভাটিত উচ্ছেদ অভিযান চলাইছিল যদিও পুনৰ আৰম্ভ কৰে চুলাই ভাটিটো ৷

লগতে পঢ়ক :ACMS protest : অসম চৰকাৰ হায় হায় ধ্বনিৰে উত্তাল মেনকা চাহ বাগিচা

ঘটনা অনুসৰি, শ্ৰমিকে এটা গাঁতৰ পৰা গেলাই ৰখা লালীগুড় উলিয়াই থকাৰ সময়তে পিছলি পৰি যায় আৰু শ্ৰমিকক বচাবলৈ চেষ্টা কৰোতেই মৃত্যু হয় পিতৃ আৰু পুত্ৰৰ ৷ অভিযোগ অনুসৰি, ৰাম প্ৰসাদ ৰায়ে স্থানীয় আৰক্ষী, আবকাৰী বিভাগৰ বিষয়া, স্থানীয় দল-সংগঠনকে আদি কৰি বিভিন্ন পক্ষক মেনেজ কৰি চুলাই প্ৰস্তুত কৰা কাৰখানাৰ জৰিয়তে ঘটি আহিছিল লক্ষ লক্ষ টকা ৷

যদিহে আৰক্ষীয়ে এই অবৈধ চুলাই প্ৰস্তুতৰ কাৰাখানাটোৰ সন্দৰ্ভত উচিত তদন্ত কৰে তেন্তে জালত পৰাৰ সম্ভাৱনা আছে বহু ৰৌ-বৰালি ৷ এই ঘটনাই ইতিমধ্যে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ তিনিচুকীয়া জিলাতে ৷

লগতে পঢ়ক :Protest in Rangapara: শ্ৰমিকৰ প্ৰতিবাদত উত্তাল ৰঙাপৰাৰ চাহ বাগিচা

ABOUT THE AUTHOR

...view details