অসম

assam

ETV Bharat / state

Crime in Tinsukia: তিনিচুকীয়াৰ বিতৰ্কিত উপহাৰ কুপনত জড়িত চাৰি যুৱকক গ্ৰেপ্তাৰ - বিতৰ্কিত উপহাৰ কুপনত জৰিত চাৰি যুৱকক গ্ৰেপ্তাৰ

উপহাৰ কুপনেৰে ঠগিলে ৰাইজক । তিনিচুকীয়াৰ ২নং কদমনিৰ বিতৰ্কিত উপহাৰ কুপন কাণ্ডত অভিযুক্তক গ্ৰেপ্তাৰ ৷ তিনিচুকীয়াৰ সংবাদকৰ্মীকো আটক ।

Enter here.. Illegal gift coupon game in Tinsukia
তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষ

By

Published : Jun 24, 2023, 6:59 PM IST

তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষ

তিনিচুকীয়া, ২৪ জুন: তিনিচুকীয়াৰ ২নং কদমনিত নামঘৰৰ সাহাযাৰ্থে আয়োজন কৰা বিতৰ্কিত উপহাৰ কুপনৰ খেলৰ সৈতে জড়িত চাৰি মূল অভিযুক্তক যোৱা নিশা তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । এই সন্দৰ্ভত শনিবাৰে তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে এখন সংবাদমেল সম্বোধন কৰে ৷ তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ উপস্থিতিত আয়োজন কৰা সংবাদমেলত তেওঁ কয় যে উক্ত উপহাৰ কুপনৰ সৈতে জড়িত চাৰি মূল অভিযুক্তক অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে এই চাৰি অভিযুক্ত ক্ৰমে আয়োজক সমিতিৰ ধনভৰালী হৃদয় কুৰ্মী,সভাপতি গুনদ্বীপ চেতিয়া,উপ সভাপতি মুন বৰুৱা,সম্পাদক নীলপৱন চেতিয়া বুলি উল্লেখ কৰে ৷ ইয়াৰ পূৰ্বেও আন চাৰি যু্ৱকক শিৱসাগৰত গ্ৰেপ্তাৰ কৰিছিল তিনিচুকীয়া আৰক্ষীয়ে ৷ চাৰি যুৱকক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালভাৱে উপহাৰ হিচাপে প্ৰদৰ্শন কৰা দুখন স্কুটী আৰু এখন মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে,খেলখনৰ মূল অভিযুক্ত ভাস্কৰ নাথ এতিয়াও পলাতক যদিও অতি সোনকালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব বুলি সদৰি কৰে ৷ লগতে উপহাৰ কুপনত পুৰস্কাৰ হিচাপে প্ৰদৰ্শন কৰা মহেন্দ্ৰ থাৰ আৰু টাটা হেৰিয়াৰ বাহন দুখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ এই দুখন বাহন ভাস্কৰ নাথে লগত ৰাখি পলায়ন কৰিছে বুলি আৰক্ষীয়ে সদৰি কৰিছে ৷ ইয়াৰ সমান্তৰালভাৱে দুগৰাকী তিনিচুকীয়াৰ সংবাদকৰ্মীকো বৰ্তমান সোধা পোছাৰ কাৰণে আটক কৰা হৈছে বুলি সদৰি কৰে অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে ৷

উলিলেখ্য় যে তিনিচুকীয়াৰ ২নং কদমণি নামঘৰ আৰু হৰি নাম চৰ্চা কেন্দ্ৰৰ উন্নয়নৰ সাহায্যাৰ্থে আয়োজন কৰা হৈছিল কোটিটকীয়া উপহাৰ কূপনৰ খেল । পিছে এই খেলখন আৰক্ষী, জিলা প্ৰশাসনৰ বাধাৰ পাচতো আয়োজকে কোনো অজ্ঞাত স্থানত গোপনে অনুষ্ঠিত কৰাৰ পিচতেই আৰম্ভ হৈছিল বিতৰ্ক ৷ অভিযোগ অনুসৰি লক্ষাধিক মূল্যৰ টিকট ক্ৰয় কৰা লোকেও লাভ নকৰিলে এটাও উপহাৰ ৷

লগতে পঢ়ক:Crime in Tinsukia: তিনিচুকীয়াত প্ৰশাসনৰ বাধা নামানি গোপনে অনুষ্ঠিত কৰিলে উপহাৰ কূপনৰ খেল

ABOUT THE AUTHOR

...view details