তিনিচুকীয়া,১ আগষ্ট: “এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগনত ৷” -ড° ভূপেন হাজৰিকাই তেতিয়াই কৈ যোৱা এই বাক্যশাৰী যেন আখৰে আখৰে সঁচা বুলি প্ৰতিপন্ন হৈ আহিছে ৷ ক্ৰীড়াৰ জৰিয়তে জিনিব পাৰে বিশ্ব ৷ শেহতীয়াকৈ ৰাজ্যত মৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলনে উঠি অহা যুৱচামক কোঙা কৰাৰ সময়তে বৃহত্তৰ চাবুৱা-পানীতোলা অঞ্চলত এজাক সচেতন লোকে ইয়াৰ বিৰুদ্ধে যুৱ প্ৰজন্মক যুঁজ দিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷
প্ৰতিখন ভিতৰুৱা গাঁৱৰ কণমাণিটিৰ পৰা বহু যুৱক-যুৱতীক ফুটবলৰ প্ৰতি আৰ্কষণৰ কৰিবলৈ চেষ্টা কৰিছে চাবুৱা ক্ৰীড়া সন্থাই । ইয়াৰ অন্তৰালত আছে চাবুৱা অঞ্চলৰ কেইজনমান ক্ৰীড়া সংগঠক । যিসকলে নিজৰ কামৰ মাজতো সময় উলিয়াই যুৱ প্ৰজন্মক পোহৰৰ পথ দেখুৱাবলৈ কৰিছে সংগ্ৰাম ৷ ৰাজ্যত বৃদ্ধিৰ পোৱা মৰাত্মক ড্ৰাগছৰ প্ৰচলনে যুৱ প্ৰজন্মক কোঙা কৰি পেলাইছে ।
তাৰ মাজতে ফুটবলৰ প্ৰতি আকৰ্ষণ বৃদ্ধিৰ বাবে উদ্যোগ লৈছে চাবুৱা ক্ৰীড়া সন্থাই । চাবুৱা ক্ৰীড়া সন্থাৰ কেইজনমান ক্ৰীড়া সংগঠকে বৃহত্তৰ চাবুৱা-পানীতোলা অঞ্চলৰ প্ৰতিখন গাঁৱত ফুটবল প্ৰশিক্ষণৰ মাজেদিয়ে বিশেষ গ্ৰাম্য ক্ৰীড়া পৰিৱেশ আনিছে বৃহত্তৰ অঞ্চলটোত । কণ কণ শিশুসকল এতিয়া ফুটবলৰ প্ৰতি বিশেষ আৰ্কষিত ।