অসম

assam

ETV Bharat / state

বুটমাহত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে ৪০জনকৈ লোক

শদিয়াৰ অমৰপুৰত বুটমাহ খাই অসুস্থ হৈ পৰে ৪০জনকৈ লোক, অসুস্থ লোকসকলক ভৰ্তি কৰা হয় চাপাখোৱা অসামৰিক চিকিৎসালয়ত ৷

বুটমাহত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে ৪০জনকৈ লোক

By

Published : Jun 9, 2019, 11:18 PM IST

শদিয়া,৯জুন : শদিয়াৰ অমৰপুৰ গাঁৱত বুটমাহত বিষক্ৰিয়া হৈ অসুস্থ হয় ৪০জনকৈ লোক । অসুস্থ লোকসকলক ততাতৈয়াকৈ চাপাখোৱাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ।

বুটমাহত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে ৪০জনকৈ লোক

উল্লেখ্য যে যোৱা ৭জুনত অমৰপুৰৰ জিতেন কুটুম নামৰ এগৰাকী ব্যক্তিৰ ঘৰত নাম-কীৰ্তন আয়োজন কৰা হৈছিল । শতাধিক লোকে এই নাম-কীৰ্তনৰ বুটমাহৰ প্ৰসাদ খাই অসুস্থ হৈ পৰিছিল । অসুস্থ লোকসকলক শদিয়াৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও দুদিনৰ পিছত পুনৰ লোকসকল অধিক অসুস্থ হৈ পৰে । যাৰ বাবে অসুস্থ লোকসকলক চাপাখোৱাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । অসুস্থ ৪০গৰাকী ৰোগীৰ ভিতৰত ২৫ জনৰ অৱস্থা সংকটজনক আৰু মনু পেগু নামৰ এজন ৬ বছৰীয়া শিশুৰ অৱস্থা অতি সংকটজনক । এই শিশুটিক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । অসুস্থ লোকসকলৰ ভিতৰত ৫বছৰৰ পৰা ৮ বছৰীয়া শিশুৰ সংখ্যা ১২ জন ।

ABOUT THE AUTHOR

...view details