মাৰ্ঘেৰিটা, ১০ এপ্ৰিলঃ শুকুৰবাৰে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই লিডুৰ আটাইতকৈ অনগ্ৰসৰ গাওঁ মোলাং ৰিজাৰ্ভত বিতৰণ কৰে ১০০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী । তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, ফাইজুৰ ৰহমান,তপন দে, শ্যামল নেওগ আদিৰ দ্বাৰা গঠিত এটি প্ৰতিনিধি দলে নদীৰ পাৰত অৱস্থিত অনগ্ৰসৰ গাওঁখনত উপস্থিত হৈ খাদ্য সামগ্ৰী বিতৰণ কৰে ।
মাৰ্ঘেৰিটাৰ দৰিদ্ৰ পৰিয়াললৈ মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ খাদ্য সামগ্ৰী বিতৰণ - food distribution
মাৰ্ঘেৰিটা লিডুৰ আটাইতকৈ অনগ্ৰসৰ গাওঁ মোলাং ৰিজাৰ্ভত শুকুৰবাৰে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই বিতৰণ কৰে ১০০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী ।

মাৰ্ঘেৰিটাৰ দৰিদ্ৰ পৰিয়াললৈ মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ খাদ্য সামগ্ৰী বিতৰণ
লকডাউন চলি থকাৰ সময়ত দুৰ্গত সকলৰ কাষত মাৰ্ঘেৰিটা সাংবাদিক সংস্থা উপস্থিত হোৱাত লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চন্দ্ৰ গৌতমে সন্তোষ প্ৰকাশ কৰে ।
আনহাতে, দেশৰ এই সংকটৰ সময়ত সকলোকে চুবুৰীৰ খাটিখোৱা দৰিদ্ৰ নিঃস্বজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায় সাংবাদিক সংগঠনটোৱে ।