অসম

assam

ETV Bharat / state

বানাক্ৰান্তৰ প্ৰতিবাদ তীব্ৰতৰ হৈছে কৰ্দৈগুৰিত - Doom Dooma circle office

বান-গৰাখহনীয়াৰ স্থায়ী সমাধান কৰা, বান বিধ্বস্ত পৰিয়ালক সংস্থাপন দিয়া আদি দাবীৰে অব্যাহত আছে প্ৰতিবাদ ৷ দেওবাৰে কৰ্দৈগুৰি অঞ্চলৰ তিনিটাকৈ স্থানত বিশাল প্ৰতিবাদী জনজাগৰণ সভা অনুষ্ঠিত হয় (Flood victims protest in Tinsukia)৷

Flood victims protest in Tinsukia
বানাক্ৰান্তৰ প্ৰতিবাদ তীব্ৰতৰ হৈছে তিনিচুকীয়াৰ কৰ্দৈগুৰিত

By

Published : Aug 21, 2022, 9:36 PM IST

তিনিচুকীয়া, 21 আগষ্ট: ২২ দিন উকলি যোৱাৰ পাছতো 24 টা বানাক্ৰান্ত পৰিয়ালৰ পুণৰসংস্থাপন নহ’ল । ৰ'দ, বতাহ, বৰষুণৰ মাজত ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত আজিও আশ্ৰয় শিবিৰত আছে পৰিয়ালকেইটা ।

বানাক্ৰান্তৰ প্ৰতিবাদ তীব্ৰতৰ হৈছে তিনিচুকীয়াৰ কৰ্দৈগুৰিত

দেওবাৰে কৰ্দৈগুৰি অঞ্চলৰ তিনিটাকৈ স্থানত বিশাল প্ৰতিবাদী জনজাগৰণ সভা আয়োজন কৰি খহনীয়াগ্ৰস্তসকলে গ্ৰহণ কৰে কেতবোৰ সিদ্ধান্ত । সেই অনুসৰি বান-গৰাখহনীয়াৰ স্থায়ী সমাধান কৰা, বান বিধ্বস্ত পৰিয়ালক সংস্থাপন দিয়া আদি দাবীৰে সোমবাৰে কাকপথাৰ ডিৰাকৰ পৰা তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয়লৈ বিশাল বাইক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব (Flood victims protest in Tinsukia)।

উল্লেখযোগ্য যে, শেহতীয়াকৈ অসম চৰকাৰে ফিল'বাৰীৰ টঙানি-সোণজান অঞ্চলত ভূমি আবণ্টন দিয়া তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত কৰ্দৈগুৰিৰ 24 টা বানাক্ৰান্ত পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰিবলৈ যাওঁতে ৰূপক দত্ত নামৰ এগৰাকী ব্যক্তিৰ তত্বাৱধানত এটা বাহিনীয়ে খেদি পঠিয়ায় । উপায়ন্তৰ হৈ কৰ্দৈগুৰিৰ বানাক্ৰান্ত পৰিয়াল 24 টাই যোৱা ইং 31 জুলাইৰ পৰা ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ(Doom Dooma circle office) কাৰ্যালয়ৰ প্ৰাংগণত তিৰপালৰ তলত আশ্ৰয় লৈ আছে (Flood victims shelter at Doom Dooma) ।

ইয়াৰ সমান্তৰালভাৱে কৰ্দৈগুৰিৰ 24 টা বানাক্ৰান্ত পৰিয়ালক অতিশীঘ্ৰে পুনঃসংস্থাপন দিয়া, ৰূপক দত্ত নামৰ লোকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ সহযোগীসকলক চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰা, বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা আদি কেতবোৰ দাবীৰে মৰাণ জনজাতিৰ কেউটা সংগঠনৰ উদ্যোগত গণতান্ত্ৰিকভাৱে অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী চলি আহিছে ।

লগতে পঢ়ক:ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তত আছুৰ সঁজাতী দল

ABOUT THE AUTHOR

...view details