তিনিচুকীয়া, 16 আগষ্ট: ভয়াবহ খহনীয়াৰ কবলত পৰি(Erosion in Tinsukia) সৰ্বস্বান্ত হোৱা তিনিচুকীয়াৰ 24 টা পৰিয়ালে দিন-ৰাতি কটাইছে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত ৷ যোৱা 31 জুলাইৰ পৰা ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত তিৰপালৰ তলত আশ্ৰয় শিবিৰ পাতি থকা এইসমূহ পৰিয়ালে আজি পৰ্যন্ত লাভ নকৰিলে সংস্থাপন (Flood victims camp in Tinsukia) ৷
ইয়াৰ মাজতে বহুকেইটা দাবীৰে দুৰ্ভগীয়া পৰিয়ালকেইটাই অব্যাহত ৰাখিছে প্ৰতিবাদ(Flood victims protest in Tinsukia) ৷ অতিশীঘ্ৰে পুনঃসংস্থাপন দিয়া, বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰাকে ধৰি কেইবাটাও দাবীৰে মৰাণ জনজাতিৰ কেউটা সংগঠনৰ উদ্যোগত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । দেশৰ স্বাধীনতা দিৱস উপলক্ষে 11 আগষ্টৰ পৰা 15 আগষ্টলৈকে এই প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখিছিল যদিও আজিৰে পৰা পুনৰ ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰে ৷