অসম

assam

ETV Bharat / state

তিনিচুকীয়াত বান্ধ ভাঙি ক্ষতিগ্ৰস্থ ৪৫ টাকৈ পৰিয়াল - শিৱিৰ

শুকুৰবাৰে তিনিচুকীয়া জিলা উপায়ুক্তই শিৱিৰটো পৰিদৰ্শন কৰি বিতৰণ কৰে খাদ্য সামগ্ৰী ৷

শিৱিৰত আছে বান্ধ ভাঙি ক্ষতিগ্ৰস্থ হোৱা ৪৫ টাকৈ পৰিয়াল

By

Published : May 3, 2019, 11:37 PM IST

তিনিচুকীয়া,৩ মে' :ৰাজ্যত কেইবাদিনো নেৰা নেপেৰা বৰষুণৰ ফলত প্ৰথমতো বাৰিষাতে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক চোমনিৰ পুৰণা মথাউৰিটো ভগাৰ ফলত প্ৰায় ৪৫টা পৰিয়াল ক্ষতিগ্ৰস্ত হয় ৷ কেইবাটাও পৰিয়ালৰ ঘৰত পানী সোমোৱাত স্থানীয় বিদ্যালয়ত শিবিৰ স্থাপন কৰি অৱস্থান কৰিবলগীয়া হৈছে ৷ শুকুৰবাৰে পুৱাই তিনিচুকীয়া জিলা উপায়ুক্তই শিৱিৰটো পৰিদৰ্শন কৰি ক্ষয় ক্ষতি বুজ লোৱাৰ লগতে প্ৰশাসনৰ তৰফৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

শিৱিৰত আছে বান্ধ ভাঙি ক্ষতিগ্ৰস্থ হোৱা ৪৫ টাকৈ পৰিয়াল
বৰ্তমান পানী কিছু কমিছে যদিও শংকা আঁতৰা নাই অঞ্চলবাসীৰ ৷ কিন-কিনীয়া বৰষুণ অব্যাহত থকাত যিকোনো সময়তে যিকোনো ভয়ানক পৰিস্থিতি সৃষ্টি হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে গাওঁবাসীয়ে ৷ জানিব পৰা মতে,বিয়লি ভাগত স্থানীয় বিধায়ক বলিন চেতীয়াই প্লাৱিত অঞ্চলটো পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয় ।

ABOUT THE AUTHOR

...view details