তিনিচুকীয়া, 2 জুলাই :বিভিন্ন সমস্যাৰে জৰ্জৰিত লাইকা-দধিয়াবাসীৰ জীৱনলৈ নামি আহিছে অমানিশা ৷ কিছুদিন পূৰ্বে গৰাখহনীয়াত ঘৰ, ভেঁটি-মাটি সকলো হেৰুৱাই সৰ্বস্বান্ত হৈ জীয়াই থকাৰ বাবে এডোখৰ নিৰাপদ ঠাই বিচাৰি ৰাজপথত মাহজোৰা আন্দোলন কৰিছিল ডিব্ৰুগড়ৰ চাবুৱা সমষ্টি (Chabua constituency)ৰ দধিয়াৰ ৰাইজে । বিগত বৰ্ষত পুনঃসংস্থাপনৰ প্ৰতিবাদ কৰি তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যলয়ৰ সমীপত এগৰাকী গৰ্ভৱতী মহিলা আৰু এজন যুৱকে মৃত্যুক সাবটি ল'বলগীয়া হৈছিল ।
চৰকাৰ গ’ল ,আকৌ আহিল কিন্তু লাইকা-দধিয়াবাসীৰ সমস্যাবোৰ কেতিয়াও সমাধান নহল ৷ চৰকাৰৰ,নেতা-পালিনেতাৰ আশ্বাসবোৰ আশ্বাস হৈয়ে ৰ’ল ৷ লাইকা-দধিয়াবাসীৰ আশাবোৰ আশা হৈয়ে ৰৈছে ৷ অতিমাৰী কৰ’ণাৰ দ্বিতীয়টো লহৰে সমগ্ৰ দেশৰ লগতে অসমটো ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তেই বছৰটোৰ তৃতীয়টো বানত সম্পূৰ্ণকৈ ডুব গৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ (Dibru Choikhoa national Park) কাষৰ বনগাঁও লাইকা-দধিয়াৰ বৃহৎ অঞ্চল ৷
কেইবাদিনো নেৰানেপেৰা বৰষুণৰ ফলত বৰ্তমান লাইকা-দধিয়াবাসীৰ অৱস্থা অতি দুখজনক ৷ উল্লেখযোগ্য যে 1999 চনতে চৰকাৰে ডিব্ৰু-ছৈখোৱাক ৰাষ্ট্ৰীয় অভয়াৰণ্য (Dibru Choikhoa national Park) হিচাপে ঘোষণা কৰাৰ পিছৰে পৰা কাষৰীয়া লাইকা-দধিয়াৰ বনগাঁও সমূহৰ পুনঃসংস্থাপনৰ আশ্বাস দিছিল যদিও আজিলৈকে পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াটো কাৰ্যকৰী নহল ৷