তিনিচুকীয়া, 27 জুন: বিগত কেইবাদিন হোৱা মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যজুৰি বানপানীয়ে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো বানে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ জিলাখনৰ দিৰাক, কাকপথাৰ, শদিয়া, ধলা, ফিলবাৰী, বাঘজান, বাৰেকুৰী, দুমডুমা, গুঁইজান আৰু ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ বিশেষকৈ ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ডিব্ৰু নৈ বাঢ়নী পানীয়ে ধাৰণ কৰা কালৰূপে ইয়াৰ জীৱকুললৈ নমাই আনিছে সংকট ৷
বানৰ কবলত ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান - Flood in Dibru saikhuwa National Park
বিশেষকৈ ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ডিব্ৰু নৈ বাঢ়নী পানীয়ে ধাৰণ কৰা কালৰূপে ইয়াৰ জীৱকুললৈ নমাই আনিছে সংকট ৷
বানৰ কবলত ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
উল্লেখ্য যে, বিভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰাৰ লগতে শনিবাৰে ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ সহ এটা সজাতি দলে ৷ পৰিদৰ্শনৰ অন্তত ৰাষ্ট্ৰীয় উদ্যান খনক বানৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনাই ছাত্ৰ সংগঠনটোৰ সভাপতি অৰুণজ্যোতি মৰাণে ৷
লগতে পঢ়কঃ গুৱাহাটীত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ