বানত বুৰিল ডিগবৈ শোধনাগাৰৰ টাৰ্মিনেল - অসম নিউজ
টাৰ্মিনেলটোৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰাত শ শ তেলৰ টেংকাৰ আৱদ্ধ হৈ পৰিছে ৰাজপথত । ফলত সৃষ্টি হৈছে তীব্ৰ যান-জঁট
ডিগবৈ, 15 জুনঃ বাঢ়নী পানীত ডুব গ'ল ডিগবৈৰ আই অ চি শোধানাগাৰৰ টাৰ্মিনেল ৷ শনিবাৰে পুৱাৰে পৰা অহা ধাৰাষাৰ বৰষুণৰ ফলতে ডুব গ'ল টাৰ্মিনেলটো । ধাৰাসাৰ বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হোৱাত ডুব যায় কাৰ্য্যালয়ৰ ভিতৰচৰা লগতে CCTV কেমেৰাও । আনহাতে, টাৰ্মিনেলটোৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰাত শ শ তেলৰ টেংকাৰ আৱদ্ধ হৈ পৰিছে ৰাজপথত । যাৰ ফলত যান-জঁটৰ সৃষ্টি হৈছে । লগতে সমস্যাৰ বুজ ল'বলৈ আই অ চিৰ কোনো বিষয়া উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে একাংশই । বানৰ ফলত টাৰ্মিনেলটোৰ সকলো কাম কাজ বন্ধ হৈ পৰিছে । আই অ চিয়ে বৰষুণৰ পানী বাহিৰলৈ ওলোৱা কোনো ব্যৱস্থা নকৰাৰ পৰিণতিতে বাৰিষা হ'লেই এনেদৰেই বানে সমস্যাৰ সৃষ্টি কৰে বুলি ক্ষোভ প্ৰকাশ কৰিছে গোলাইৰ সমিতিৰ বিষয়ববীয়াই ৷