অসম

assam

By

Published : Apr 7, 2022, 10:18 PM IST

ETV Bharat / state

বাৰিষাৰ প্ৰথমটো বানতে চিগিল তিনিচুকীয়াৰ বাৰেকুৰিৰ আঠ কোটিটকীয়া মথাউৰি

বাৰিষাৰ প্ৰথমটো বানতে চিগিল বাৰেকুৰিৰ আঠ কোটিটকীয়া মথাউৰি ৷ উন্নত মানদণ্ডৰে মথাউৰি নিৰ্মাণ নকৰাৰ অভিযোগ বাৰেকুৰি আঞ্চলিক যুৱক সংঘৰ (Barekuri Regional Youth Association) ৷

assam-flood-embankment-washed-away-in-tinsukia
বাৰিষাৰ প্ৰথমটো বানতে চিগিল তিনিচুকীয়াৰ বাৰেকুৰিৰ আঠ কোটিটকীয়া মথাউৰি

তিনিচুকীয়া, 7 এপ্ৰিল :ব'হাগ বিহুৰ প্ৰাকক্ষণত উজনি অসমৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা আৱতৰীয়া বৰষুণৰ ফলত ক্ৰমাৎ নদ-নদীসমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত এতিয়া চিন্তিত হৈ পৰিছে তিনিচুকীয়াৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ ৰাইজ ৷

উল্লেখ্য যে, প্ৰায় আঠ কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা মথাউৰিটো চিগি পৰাত সম্প্ৰতি বাৰেকুৰিত প্ৰৱেশ কৰিছে ডিব্ৰু নৈৰ বাঢ়নী পানী (First flood of monsoon broke embankment at Barekuri in Tinsukia) ৷

বাৰেকুৰি অঞ্চলৰ হাতীবাট, গৰিয়াটিং আৰু মটাপুং আদি গাঁৱত বাঢ়নী পানী প্ৰৱেশ কৰি স্থানীয় ৰাইজৰ ঘৰ-বাৰী ইতিমধ্যে নষ্ট কৰাৰ লগতে পানীয়ে বাৰেকুৰি-মাকুম সংযোগী মূলপথ বিচিন্ন কৰিছে ৷ ইফালে ব'হাগক আদৰিবলৈ প্ৰস্তুতি চলোৱাৰ সময়তে অহা বানে যথেষ্ট অসুবিধাত পেলাইছে তিনিখনকৈ গাঁৱৰ ৰাইজক ৷

বাৰিষাৰ প্ৰথমটো বানতে চিগিল তিনিচুকীয়াৰ বাৰেকুৰিৰ আঠ কোটিটকীয়া মথাউৰি

এইসন্দৰ্ভত বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ সম্পাদক তথা স্থানীয় যুৱক মানৱ চেতিয়াই কয় যে, আঠ কোটি টকা ব্যয় সাপেক্ষে হাতীবাট-নতুন ৰংগাগড়া মথাউৰি নিৰ্মাণ কৰাত বিসংগতি থকাৰ কাৰণেই বাৰিষাৰ প্ৰথমটো বানে মথাউৰি চিঙি পেলায়, যাৰ ফলত এতিয়া তিনিখনকৈ গাঁৱৰ ৰাইজে ব'হাগ বিহুক আদৰিবলৈ সাজু হোৱাৰ সময়তে বানৰ স’তে যুঁজ দিব লগা হৈছে ৷

ইফালে, মথাউৰি নিৰ্মাণ কৰাৰ সময়ত বিভাগীয় অভিযন্তাই গুৰুত্বসহকাৰে নোলোৱাত ঠিকাদাৰে অধিক মুনাফা লাভৰ আশাত মাটিৰ সলনি পলস পেলাই বাৰিষাৰ সময়তে মথাউৰি নিৰ্মাণ কৰাৰ ফলত পলকতে মথাউৰিটো উটি যোৱা বুলি অভিযোগ উত্থাপন হৈছে ৷ গতিকে চৰকাৰ তথা বিভাগীয় কতৃপক্ষই উক্ত মথাউৰি নিৰ্মাণৰ সন্দৰ্ভত উচিত তদন্ত কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনালে বাৰেকুৰি আঞ্চলিক যুৱ সংঘই (Barekuri Regional Youth Association) ৷

লগতে পঢ়ক :ধেমাজিত বানত বুৰ শ শ বিঘা নহৰু খেতি

ABOUT THE AUTHOR

...view details