তিনিচুকীয়াত সেনাৰ গুলীবৰ্ষণ - firing between ulfa and army
![তিনিচুকীয়াত সেনাৰ গুলীবৰ্ষণ তিনিচুকীয়াত সেনাৰ গুলীবৰ্ষণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5411120-thumbnail-3x2-kj.jpg)
তিনিচুকীয়াত সেনাৰ গুলীবৰ্ষণ
12:05 December 18
আলফা স্বাধীনৰ তিনিজনীয়া দললৈ লক্ষ্য কৰি গুলীচালনা
তিনিচুকীয়া, 18 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে মঙলবাৰে নিশা তিনিচুকীয়া পেঙেৰীৰ চিকৰাজানত সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ ৷ চিকৰাজানৰ নিবাসী প্ৰদীপ খাটোৱালৰ বাৰীত এই গুলীচালনাৰ ঘটনা ৷
আলফা স্বাধীনৰ তিনিজনীয়া এটা দলক দেখা পাই গুলীচালনা কৰা বুলি সেনাৰ সূত্ৰই জানিবলৈ দিছে ৷ পুৱা ঘটনাস্থলীত উদ্ধাৰ হৈছে খালী কাৰ্টিজ ৷ ঘটনাকলৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্য ৷ সমগ্ৰ এলেকাটোত অব্যাহত আছে সেনাৰ অভিযান ৷
Last Updated : Dec 18, 2019, 2:34 PM IST