ডুমডুমা, 16 নৱেম্বৰ: দিপাৱলীৰ আনন্দৰ মাজতেই পুৰি চাৰখাৰ হ'ল এখন ঘৰ । দেওবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ দুই নং হোলোং নগাঁৱৰ উবন চুবুৰীত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । গাঁওখনৰ খেতিয়ক বলিন মৰাণৰ বাসগৃহটো আতচবাজীৰে সংঘটিত হোৱা জুইত সম্পূৰ্ণৰূপে জাহ যায় ৷
দিপাৱলীৰ আনন্দৰ মাজতে পুৰি চাৰখাৰ হ'ল এখন ঘৰ - ভয়ংকৰ অগ্নিকাণ্ড
দিপাৱলীৰ আনন্দৰ মাজতেই ফটকাৰ জুয়ে ছাই কৰিলে খেতিয়ক বলিন মৰাণৰ বাসগৃহটো ৷ বৃহত্তৰ ফিল'বাৰী অঞ্চলটোত দুৰ্যোগ ব্যৱস্থাপনাৰ কোনো চৰকাৰী ব্যৱস্থা নথকাৰ বাবেই অগ্নি নিৰ্বাপনৰ ব্য়ৱস্থা নহ’ল ।
দিপাৱলীৰ আনন্দৰ মাজতে পুৰি চাৰখাৰ হল এখন ঘৰ
খেৰ বাঁহেৰে নিৰ্মিত খেতিয়ক বলিন মৰাণৰ বাসগৃহটোৰ অগ্নি নিৰ্বাপনৰ বাবে স্থানীয় ৰাইজে যথেষ্ট চেষ্টা চলাইছিল যদিও খন্তেকতে অগ্নিয়ে কালৰূপ ধৰে ৷ বাসগৃহটোৰ আচবাব পত্ৰ, বাচন বৰ্তন আৰু কাপোৰ-কানি সম্পূৰ্ণ জুইত জাহ যায় । উল্লেখ্য যে প্ৰায় 40ৰো অধিক ৰাজহ গাঁৱৰে গঠিত বৃহত্তৰ ফিল'বাৰী অঞ্চলটোত দুৰ্যোগ ব্যৱস্থাপনাৰ কোনো চৰকাৰী ব্যৱস্থা নাই যাৰ ফলত এনেকুৱা ঘটনা সংঘটিত হ'লে সহায়ৰ বাবে চৰকাৰী বাহিনী উপস্থিত হোৱাত যথেষ্ট বিলম্ব হয় ।
লগতে পঢ়ক:বিটিচিৰ 12 টা সমষ্টিতেই বিজেপিয়ে জয়লাভ কৰিব : হিমন্ত বিশ্ব শৰ্মা
Last Updated : Nov 16, 2020, 11:12 AM IST